নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বার্তাৰে এক্সক্লুচিভ সাক্ষাৎকাৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

👉‘অৱ কী বাৰ ৪০০ পাৰ’ শ্লোগান তথা নৰেন্দ্র মোদীক তৃতীয়বাৰলৈ দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতৃত্বত এনডিয়েই এইবাৰৰ লোকসভা নির্বাচনত অৱতীর্ণ হৈছে৷ আপোনাৰ দৃষ্টিত বাস্তৱত কিমানখন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি ভাবে? তদুপৰি ইতিমধ্যে দুটা পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হৈ গৈছে৷ কিন্তু আশা কৰাতকৈ ভোটদানৰ হাৰ যথেষ্ট কম৷ এই বিষয়টো আপুনি কিদৰে বিশ্লেষণ কৰিব?
অমিত শ্বাহ : নিশ্চিতভাৱে এনডিয়েই ৪০০তকৈও অধিক আসন লাভ কৰি পুনৰ দেশৰ শাসনলৈ আহিব৷ প্রথম দুটা পর্যায়ত ভোটদানৰ হাৰ কিয় কম হৈছে, সেইটো বিশ্লেষণ কৰিবলগীয়া কথা৷ কিন্তু মই এটা কথা কওঁ যে প্রথম দুটা পর্যায়ত বিজেপি আৰু সহযোগী দলসমূহে ১০০ৰ সংখ্যা অতিক্রম কৰিব৷ তদুপৰি সামগ্রিকভাৱে আমি চাৰি শতাধিক আসন লাভ কৰিম আৰু নৰেন্দ্র মোদী তৃতীয়বাৰৰ কাৰণে দেশৰ প্রধানমন্ত্রী হ’ব৷ বিৰোধীয়ে প্রতিদ্বন্দ্বিতালৈ আহিব বুলি কোৱাটো আপুনি আশা কৰিব নোৱাৰিব৷ এইবাৰৰ নির্বাচনত পৰাজয় তেওঁলোকৰ ভাগ্যত আছে৷ মই তৃণমূল পর্যায়ত কাম কৰি থকা মানুহ৷ সেয়েহে মই ক’ব পাৰোঁ যে বিজেপিৰ ভোটাৰ, এনডিএৰ ভোটাৰ আৰু নৰেন্দ্র মোদীৰ ভোটাৰসকলে আমাৰ পক্ষত ভোটদান কৰিছে৷

👉অসমৰ ক্ষেত্রত নির্বাচনী ফলাফল কেনেধৰণৰ হ’ব বুলি আশা কৰে?
অমিত শ্বাহ : অসমত আমি কমেও ১২খন আসনত জয়ী হ’ম৷ এই সংখ্যা ১৩খনো হ’ব পাৰে৷ অসমত ইতিমধ্যে দুটা পর্যায়ৰ নির্বাচন সম্পন্ন হৈ যোৱা এখনো আসনত আমি পৰাজিত নহওঁ৷

👉পুনৰ ক্ষমতালৈ আহিলে এনডিএ চৰকাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ কোনবোৰ বিষয়ে অগ্রাধিকাৰ লাভ কৰিব?
অমিত শ্বাহ : ইতিমধ্যে আমি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন খণ্ডক গুৰুত্ব দিছোঁ৷ বিশেষকৈ সকলো উগ্রপন্থী সংগঠনক আলোচনাৰ জৰিয়তে মূল সুঁতিলৈ ঘূৰাই অনাৰ পদক্ষেপ লোৱা হৈছে৷ সেইদৰে ৰে’ল, পথ আৰু বিমান যোগাযোগ ব্যৱস্থাৰ কাম সম্পূর্ণ কৰা আৰু ছেমিকণ্ডাক্টৰ খণ্ডৰ প্রতি লক্ষ্য ৰাখি উত্তৰ–পূর্বাঞ্চলত সকলো বিশ্ববিদ্যালয়ত মানৱ সম্পদ গঢ়াৰ আন্তঃগাঁথনিৰ কামৰ লক্ষ্য থাকিব৷ উদাহৰণস্বৰূপে কেমিকেল ইঞ্জিনীয়াৰিঙক ইনফর্মেচন টেকন’লজী ইঞ্জিনীয়াৰিঙলৈ পর্যবসিত কৰিব পাৰি নেকি বা ছফ্টৱেৰ ইঞ্জিনীয়াৰিং কৰিব পাৰি নেকি, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ এনেদৰে উত্তৰ–পূর্বাঞ্চলৰ শিক্ষা খণ্ডক ইয়াৰ চাহিদা পূৰণ কৰিব পৰাকৈ গঢ়াৰ চেষ্টা কৰিম৷ কাৰণ ছেমিকণ্ডাক্টৰ খণ্ডৰ জৰিয়তে উদ্যোগ গঢ়ি উঠিব৷ সমান্তৰালভাৱে বিনিয়োগ হ’ব আৰু জিএছটি–ৰাজহ সংগ্রহ হ’ব৷ কিন্তু তাত নিয়োজিত হ’বলগীয়া কর্মচাৰীসকল আহিব বাহিৰৰ পৰা৷ সেয়েহে স্থানীয় যুৱক–যুৱতীসকলক্ কর্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ইক’ ছিষ্টেম বনোৱাটো আমাৰ অগ্রাধিকাৰৰ বিষয় হ’ব৷

👉আপুনি উগ্রপন্থী সমস্যা সমাধানৰ বিষয়ে অৱতাৰণা কৰিছে৷ এইক্ষেত্রত নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে বিগত দুটা কার্যকালত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰিব৷
অমিত শ্বাহ : সমগ্র দেশৰ জনসাধাৰণৰ এই কথা অৱগত যে উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণে সন্মুখীন হোৱা গৰিষ্ঠসংখ্যক সমস্যাৰ মূলতে পূর্বৰ কংগ্রেছ চৰকাৰৰ ভুল নীতিসমূহ৷ বিচ্ছিন্নতাবাদৰ অন্ত পেলাই দেশৰ অন্যান্য অংশৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিকাশ সাধন হোৱাটো প্রতিজন জনতাই বিচাৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলক শান্তিৰ যুগৰ সূচনাৰে জনসাধাৰণৰ সেই আকাংক্ষা পূৰণ কৰিছে৷ শান্তি স্থাপনৰ হকে মোদী চৰকাৰৰ প্রচেষ্টাৰ বাবে উত্তৰ–পূর্বাঞ্চলত বিগত ১০ বছৰত হিংসাত্মক কার্যকলাপ যথেষ্ট হ্রাস পাইছে৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ উত্তৰ–পূর্বাঞ্চলত ১১,৮০৫টা হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পৰিৱর্তে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই সংখ্যা হ্রাস পাইছে ৩,২১২টালৈ৷ অর্থাৎ উত্তৰ–পূর্বাঞ্চলত মাত্র ১০টা বছৰৰ ভিতৰতে ৭৩ শতাংশ হিংসাত্মক কার্যকলাপ হ্রাস পাইছে৷ ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলত ৪৭২জন নিৰাপত্তা বাহিনীৰ লোকৰ মৃত্যু হৈছিল৷ কিন্তু আমাৰ চৰকাৰৰ কার্যকালত নিৰাপত্তা বাহিনীৰ মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ শতাংশ হ্রাস পাইছে৷ ২০১৪ৰ পৰা ২০২৪ চনৰ ভিতৰত ১৩২জনহে নিৰাপত্তা বাহিনীৰ লোকৰ প্রাণহানি ঘটে৷ সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যাও ৮৬ শতাংশ হ্রাস পাইছে৷ পূর্বৰ ১০ বছৰত ২,৭৯৯জন সাধাৰণ নাগৰিকৰ হিংসাত্মক ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে আমাৰ চৰকাৰৰ কার্যকালত এই সংখ্যা হ’ল ৩৭১জন৷ যোৱা ৫ বছৰত বিভিন্ন উগ্রপন্থী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে৷ তাৰ ভিতৰত এনএলএফটি/এছডি চুক্তি (২০১৯), ব্রু চুক্তি (২০২০), বড়ো চুক্তি (২০২০), কার্বি চুক্তি (২০২১), জনজাতীয় শান্তি চুক্তি (২০২২), ডিএনএলএ চুক্তি (২০২৩), ইউএনএলএফ শান্তি চুক্তি (২০২৩) আৰু আলফা শান্তি চুক্তি (২০২৩) অন্যতম৷ ত্রিপুৰা ইছ্যুৰ শান্তিপূর্ণ সমাধানৰ বাবে চলিত বর্ষৰ মার্চ মাহত সম্পন্ন হয় ‘তিপ্রাছা’ চুক্তি৷

👉অসমত বর্তমান পৰেশ বৰুৱা নেতৃত্বাধীন সশস্ত্র সংগঠন আলফা (স্বাধীন) সক্রিয় হৈ আছে৷ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ হকে কেনেধৰণৰ ব্যৱস্থা ল’ব বা লোৱা হৈছে?
অমিত শ্বাহ : এতিয়াই মই এই বিষয়ে ক’ব নোৱাৰিম৷ কিন্তু এটা কথা ঠিক যে সংশ্লিষ্ট এজেন্সীসমূহে ইয়াৰ ওপৰত কাম কৰি আছে৷

👉অসম তথা উত্তৰ–পূর্বাঞ্চলৰ এক দীর্ঘদিনীয়া সমস্যা হৈছে আন্তঃৰাজ্যিক সীমা বিবাদ৷ বছৰ বছৰ ধৰি সীমা বিবাদ নিষ্পত্তি নোহোৱাৰ ফলত বিভিন্ন ৰক্তক্ষয়ী সংঘাতৰ ঘটনাৰো উত্তৰ–পূর্বাঞ্চলবাসী সাক্ষী হৈছে৷ অৱশ্যে আপোনালোকৰ চৰকাৰে এই সমস্যাটো নিৰাময়ৰ বাবে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হ’লেও সম্পূর্ণৰূপে সমাধান হোৱা নাই৷ যদি পুনৰ দেশৰ শাসনলৈ এনডিএ চৰকাৰ আহে, তেন্তে ইয়াক কি ধৰণে গ্রহণ কৰা হ’ব?
অমিত শ্বাহ : একাংশ ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ আছে৷ আমি এখন বিবাদমুক্ত উত্তৰ–পূর্বাঞ্চল গঢ়ি তুলিব বিচাৰিম৷ ইতিমধ্যে অৰুণাচলৰ সৈতে সীমা বিবাদ নিষ্পত্তি হৈছে৷ ২০২৩ চনত সম্পন্ন কৰা হৈছে অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্ত চুক্তি৷ একেদৰে ২০২২ চনত স্বাক্ষৰিত অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্ত চুক্তিৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা বিবাদ অর্ধেক নিষ্পত্তি হৈছে৷ মোৰ বিশ্বাস আছে– নাগালেণ্ডৰ লগত থকা বিবাদো নিষ্পত্তি হ’ব৷ এই প্রসংগতে মই এটা কথা উল্লেখ কৰিব বিচাৰো যে সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পা প্রত্যাহাৰৰ ক্ষেত্রত আমাৰ চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ চাৰিখন জিলাক বাদ দি অসমৰ পৰা ইতিমধ্যে এই আইনখন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হৈছে৷ মণিপুৰৰ সাতখন জিলাৰ অন্তর্গত ১৯খন আৰক্ষী থানা এলেকাতহে আফস্পা বলৱৎ আছে৷ অৰুণাচল প্রদেশত ই মাত্র তিনিখন জিলা আৰু তিনিখন আৰক্ষী থানাতহে সীমাবদ্ধ৷ নাগালেণ্ডৰ ৮খন জিলাৰ ১৮খন আৰক্ষী থানা এলেকাৰ লগতে ত্রিপুৰা আৰু মেঘালয়ৰ পৰা আফস্পা সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হৈছে৷ যিসকল লোকে উত্তৰ–পূর্বাঞ্চললৈ আহে তেওঁলোকে ইয়াত এখন সম্পূর্ণ ৰূপান্তৰিত ছবি প্রত্যক্ষ কৰে৷

👉চুবুৰীয়া দেশৰ পৰা বিগত সময়ছোৱাত ঘটা অনুপ্রৱেশে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জনগাঁঠনিত সাংঘাটিক ধৰণে বিৰূপ প্রভাৱ পেলাইছে৷ ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰাটো অসমবাসীৰ দীর্ঘদিনীয়া দাবী৷ কিন্তু আজিপর্যন্ত ভাৰত–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ সম্পূর্ণ কৰা নহ’ল৷ ভাৰত–বাংলাদেশ সীমান্ত ছীলৰ বিষয়ত কেন্দ্রীয় গৃহমন্ত্রী হিচাপে আপুনি কি ক’ব?
অমিত শ্বাহ : মই ভাবো– অহা এটা বছৰৰ ভিতৰত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ সম্পূর্ণ হ’ব৷ একেবাৰে ত্রিপুৰা পর্যন্ত সীমান্ত ছীল হৈ যাব৷

👉প্রতিবছৰে অসমত বান–খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ ৰাজ্যখনৰ অর্থনীতিত ই নেতিবাচক প্রভাৱ পেলোৱাৰ সমান্তৰালভাৱে ভূ–খণ্ডও সংকুচিত কৰি আনিছে৷ ইতিমধ্যে খহনীয়াত অসমৰ বিস্তীর্ণ মাটিকালি জাহ গৈছে৷ গুৰুতৰ এই সমস্যাটোৰ সমাধান সম্ভৱনে?
অমিত শ্বাহ : নর্থ–ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ সহযোগত অসমক বানমুক্ত কৰাৰ লক্ষ্যৰে আমি ইতিমধ্যে সমস্যাটোৰ সমাধানৰ পথত অগ্রসৰ হৈছোঁ৷ দেশত প্রথমবাৰৰ বাবে ‘বানমুক্ত উত্তৰ–পূর্বাঞ্চল’ কর্মসূচীৰ অধীনত ‘আসাম ৰিভাৰ এটলাছ’ প্রস্তুত কৰা হৈছে৷ সংস্থাটোৱে উত্তৰ–পূর্বাঞ্চলৰ আন আন ৰাজ্যসমূহকো ইয়াৰ জৰিয়তে সামৰি ল’ব৷ আমি ইতিমধ্যে অসমত বানপানীৰ আগতীয়া সতর্কতামূলক ব্যৱস্থা এটা গঢ়ি তোলাত সফল হৈছোঁ৷ বানৰ পৰা সকাহ পাবলৈ অতিৰিক্ত পানীভাগ জলাশয়লৈ ডাইভার্ট কৰা হ’ব৷ ইয়াৰ বাবে ৩০০টা জলাশয় চিনাক্ত কৰা হৈছে৷ ইয়াৰ দ্বাৰা বানপানী লাঘৱ কৰাৰ উপৰি পর্যটন, জলসিঞ্চন আৰু খোৱাপানীৰ সু–ব্যৱস্থা কৰা হ’ব৷ অনাগত ৫টা বছৰত আমি এইক্ষেত্রত আগবাঢ়িম৷ নিৰন্তৰ ভূমি পুনৰুদ্ধাৰ আৰু জলজ কৃষি ৰূপান্তৰ প্রকল্প অসমত গ্রহণ কৰা হৈছে৷ ইয়াৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছে এছিয়ান ডেভেলপমেণ্ট বেংকে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওপৰত অসমৰ ৰাইজৰ সম্পূর্ণ আস্থা আছে৷ সেয়েহে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমবাসীৰ বিষয়সমূহ গুৰুত্বসহকাৰে গ্রহণ কৰাত মই আশ্বস্ত কৰিব বিচাৰোঁ৷

👉কেন্দ্রীয় গৃহমন্ত্রী বা পূর্বে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি হিচাপে আপুনি বহুবাৰ অসম ভ্রমণ কৰিছে৷ সেই দিশৰ পৰা অসমে সন্মুখীন হৈ অহা সমস্যা আৰু প্রত্যাহ্বানসমূহৰ বিষয়ে আপুনি অৱগত৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰখনৰ কার্যকালত ইয়াৰে কোনবোৰ সমস্যা সমাধান হোৱা বুলি আপুনি অনুভৱ কৰে?
অমিত শ্বাহ : পূর্বৰ শাসকীয় কংগ্রেছৰ সকলো অৱহেলা আৰু উদাসীনতাৰ মাজতো নিজৰ ঐতিহ্যক ৰক্ষা কৰিবলৈ উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণে কঠোৰ সংগ্রাম কৰিছিল৷ তেওঁলোকৰ প্রচেষ্টাৰ বাবেই আমি উত্তৰ–পূূর্বাঞ্চলৰ সংস্কৃতিক বিশুদ্ধতম ৰূপত বিচাৰি পাওঁ৷ এতিয়া উত্তৰ–পূূর্বাঞ্চলৰ উন্নয়ন সাধনত আমাক কোনেও বাধা দিব নোৱাৰে৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে উত্তৰ–পূূর্বাঞ্চলৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজেই ৭০ বাৰতকৈ অধিক আৰু কেন্দ্রীয় মন্ত্রীসকলে ৭০০ বাৰ উত্তৰ–পূূর্বাঞ্চল ভ্রমণ কৰিছে৷ মই প্রত্যয়েৰে ক’ব বিচাৰোঁ যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কল্পনা কৰাৰ দৰেই উত্তৰ–পূূর্বাঞ্চলক ভাৰতৰ অষ্টলক্ষ্মী হিচাপে গঢ়ি তুলিবলৈ আমাক আৰু কিছু সময় দিয়ক৷ যোৱা ১০ বছৰত মোদী চৰকাৰে এটা কথা প্রমাণ কৰিছে– বংশৰ ভিত্তিত নহয়, যোগ্যতাৰ ভিত্তিত নির্বাচিত চৰকাৰেহে অসমত পৰিৱর্তনশীল ৰূপান্তৰৰ সূচনা কৰিব পাৰে৷ মোদী চৰকাৰে উন্নয়নমূলক কর্মসূচীসমূহৰ মাজেৰে অসমলৈ মূলসুঁতিৰ বিকাশ নমাই আনিছে৷ এক্ট–ইষ্ট পলিচীৰ অধীনত ৩০ হাজাৰ কোটি টকাৰ পথ নির্মাণসহ ১.৩৫ লাখ কোটিৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে৷ ইয়াত আছে ৯৫ হাজাৰ কোটি টকাৰ ৰে’লপথ আৰু ১০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বিমানবন্দৰ বৃদ্ধি৷ ৬ হেজাৰ কোটি টকাৰে বগী বিল ৰে’ল–পথ দলং নির্মাণ কৰা হৈছে৷ বিগত তিনিটা বছৰৰ ভিতৰত ২৫০ শতাংশ হাৰে কৃষি ৰপ্তানি ৪০ কোটিৰ পৰা বৃদ্ধি হৈছে ১৪০ কোটি টকালৈ৷ ২০২১–২২ বিত্তীয় বর্ষত ধানৰ নূ্যনতম সমর্থনমূল্য প্রতি কুইণ্টলত আছিল ১,৯৪০ টকা৷ কিন্তু ২০২২–২৩ বিত্তীয় বর্ষত এই পৰিমাণ ২,০৪০ টকালৈ বৃদ্ধি কৰা হ’ল৷ পিএম কিষাণ আঁচনিৰ জৰিয়তে ১৮ লাখ হিতাধিকাৰীক ৫,৫০০ কোটি টকা দিয়াল হৈছে৷ বিভিন্ন বিভাগত ৩৩৪টা সময় নির্ধাৰিত সেৱা আগবঢ়োৱাৰ উপৰি এক কোটি আবেদনৰ ভিতৰত ৯২ লাখখনেই ৮৫ শতাংশ হাৰে নিষ্পত্তি কৰা হৈছে৷ আমি ৰাজ্যখনত তিনি হাজাৰ মেগাৱাট সৌৰশক্তি ২০২৬ চনৰ ভিতৰত আহৰণৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ৷ পূর্বে ৰাজনীতিৰ কাৰণে, কিছু ক্ষেত্রত চৰকাৰৰ সদিচ্ছাৰ অভাৱত বিভিন্ন ধৰণৰ আন্দোলনে অসম তথা উত্তৰ–পূূর্বাঞ্চলৰ বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছিল৷ আমাৰ চৰকাৰৰ কার্যকালত আটাইতকৈ ডাঙৰ কামটো হ’ল– উত্তৰ–পূর্বাঞ্চলত শান্তি স্থাপন৷ এনেধৰণৰ পৰিৱর্তনশীল আৰু দূৰদর্শী পদক্ষেপে অসমৰ ৰূপান্তৰ ঘটাইছে৷ অসমৰ ৰাইজে ভালকৈ জানে যে কোনো বংশবাদী চৰকাৰে কেতিয়াও এনেকুৱা বৈপ্লৱিক পৰিৱর্তন সাধন কৰিব নোৱাৰে৷ কংগ্রেছৰ ছলনা কেতিয়াও বিশ্বাস নকৰিব৷ সকলোৱে নিশ্চিত থাকক– অসমে বংশবাদৰ ৰাজনীতিৰ পৰা চিৰদিনৰ বাবে নিজকে মুক্ত কৰিছে৷

👉এইবাৰ ৰাষ্ট্রীয় প্রেক্ষাপটলৈ আহিব বিচাৰিছোঁ৷ ২০১৪ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে ‘অচ্ছে দিন’ৰ কথা কৈছিল৷ ঠিক সেইদৰে ২০১৯ চনৰ লোকসভা নির্বাচনত কোৱা হৈছিল– ‘ঘৰ মে ঘুচকে মাৰেংগে’৷ কিন্তু এইবাৰ চর্চা হৈছে যে পূর্বৰ দৰে বিজেপিৰ ওচৰত তেনেকুৱা কোনো ইছ্যু নাই৷ এই প্রসংগত আপোনাৰ প্রতিক্রিয়া–
অমিত শ্বাহ : সংবাদ মাধ্যমৰ দৃষ্টিকোণৰ পৰা হয়তো এইবাৰৰ নির্বাচনী প্রতিদ্বন্দ্বিতাত তেনেকুৱা ইছ্যু নাথাকিব পাৰে৷ কিন্তু ৰাষ্ট্রৰ দৃষ্টিকোণৰ পৰা বহু ইছ্যু আছে৷ বিগত ১০ বছৰত আমি ৮০ কোটি জনসাধাৰণৰ জীৱনলৈ বহুল পৰিৱর্তন আনিছোঁ৷ দাৰিদ্র্য সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱনলৈ মোদী চৰকাৰে পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ ১০ কোটিতকৈও অধিক গেছৰ সংযোগ দিয়া হৈছে৷ আনকি দিয়া হৈছে ঘৰো৷ ৫ লাখ টকা পর্যন্ত স্বাস্থ্য বীমা প্রদান কৰা হৈছে৷ প্রতিমাহে বিনামূলীয়া ৫ কিলোগ্রামকৈ চাউল দিয়াৰ উপৰি ক’ভিড–১৯ৰ প্রতিশেধক দিয়া হৈছে৷ গণতন্ত্রৰ সুবিধাৰ পৰা দীর্ঘদিন ধৰি বঞ্চিত হৈ অহা এই ৮০ কোটি দৰিদ্র জনতাই ভৱিষ্যতৰ পৰিৱর্তনৰ আশাত এইবাৰৰ নির্বাচনত ভোটদান কৰিব৷ মই ভাবোঁ, এইটো এটা ডাঙৰ ইছ্যু৷ দেশৰ অর্থনীতি পুনৰ সঠিক পথত আগবাঢ়িছে৷ প্রয়াত অটল বিহাৰী বাজপেয়ীয়ে ভাৰতক বিশ্ব অর্থনীতিৰ ১১ নম্বৰত এৰি থৈ গৈছিল৷ কিন্তু এজন অর্থনীতিবিদ হৈও প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে তেওঁৰ কার্যকালত সেই একেই স্থানতে ভাৰতক ৰাখিলে৷ পিছে নৰেন্দ্র মোদীয়ে ভাৰতক পঞ্চম স্থানলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে৷ এতিয়া মোদী গেৰাণ্টী হৈছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশৰূপে প্রতিষ্ঠা কৰা৷ সন্ত্রাসবাদ সম্পূর্ণৰূপে নিয়ন্ত্রিত হৈছে৷ নক্সালবাদ উপশম হোৱাৰ দিশে৷ মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো যথেষ্ট উন্নত হৈছে৷ এইবোৰ গুৰুত্বপূর্ণ ইছ্যু নহয় নেকি? দেশৰ জনসাধাৰণে ভৱিষ্যতে পৰিস্থিতি আৰু অধিক উন্নত হোৱাটো বিচাৰে৷ এইটো সম্ভৱ হৈছে একমাত্র দ্বিতীয়বাৰৰ বাবে সম্পূর্ণন সংখ্যাগৰিষ্ঠ এখন চৰকাৰৰ সপক্ষে জনসাধাৰণে ভোটদান কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে৷ ৩০ বছৰৰ পিছত দেশে এখন মিলিজুলি চৰকাৰৰ পৰিৱর্তে সুস্থিৰ চৰকাৰ লাভ কৰিছে৷ ইয়াৰ লগে লগে সামূহিক আত্মবিশ্বাস জাগৃত কৰাত সফলতা অর্জন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্র কৰি তোলাৰ ক্ষেত্রত আস্থা আৰু অধিক বৃদ্ধি পাইছে৷ ১৩০ কোটি জনসাধাৰণৰ মাজত এই আস্থা জাগ্রত কৰাত সফল হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ভোট গণনাৰ দিনটোলৈ অপেক্ষা কৰক৷ সেইদিনা আপুনি দেখিব যে সম্পূর্ণৰূপে একপক্ষীয়ভাৱে এনডিএৰ শিবিৰে ভোট লাভ কৰিছে৷

👉সংখ্যাগৰিষ্ঠতাৰ অপব্যৱহাৰেৰে এনডিএ চৰকাৰে দেশৰ সংবিধান সলনি কৰা বুলি কংগ্রেছকে ধৰি বিৰোধীয়ে নিৰন্তৰ অভিযোগ উত্থাপন কৰি আহিছে৷ তেওঁলোকৰ আন এটা অভিযোগ হ’ল– চিবিআই আৰু ইডিৰ সংস্থাসমূহক অপব্যৱহাৰ কৰা৷ এই বিষয়ত আপোনাৰ মতামত কেনে ধৰণৰ?
অমিত শ্বাহ : আমি সংখ্যাগৰিষ্ঠতাক কেতিয়া অপব্যহাৰ কৰিলোঁ? আমি ইয়াক ৩৭০নং অনুচ্ছেদ বাতিল, নাগৰিকত্ব সংশোধনী আইন (কা) গৃহীত আৰু ৰাম মন্দিৰ নির্মাণত ব্যৱহাৰ কৰিছোঁ৷ আমি দৰিদ্র, দলিত, জনজাতি, পিছপৰা শ্রেণীক উন্নীত কৰিছোঁ৷ আমি তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজিছোঁ আৰু ফলাফল প্রদান কৰিছোঁ৷ পিছপৰা শ্রেণীৰ সাংবিধানিক স্বীকৃতি–কেন্দ্রীয় প্রতিষ্ঠানত সংৰক্ষণ কেতিয়াও নাছিল৷ কিন্তু সেয়া তেওঁলোকক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিছে৷ যদি কোনোবাই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ সংৰক্ষণৰ লগত খেলা কৰিছে, সেয়া হ’ল কংগ্রেছ৷ কোনো ধৰণৰ জৰীপ অবিহনেই তেওঁলোকে কর্ণাটকত মুছলমানক সংৰক্ষণ দিছে৷ এটা ধর্মৰ সকলো লোক পিছপৰা শ্রেণীৰ হৈ পৰিল৷ হায়দৰাবাদতো একেই কাম কৰা হৈছিল৷ যাৰ বাবে অ’বিচিৰ সংৰক্ষণৰ অংশ হ্রাস পাইছিল৷ আমাৰ স্থিতি অতি স্পষ্ট৷ ধর্মৰ নামত সংৰক্ষণ দিয়াত আমি বিশ্বাসী নহয়৷ সেয়া অসাংবিধানিক আৰু কংগ্রেছে তেনে অসাংবিধানিক কামেই কৰিছে৷ আমাৰ দলৰ কোনো সাংসদে সংৰক্ষণৰ অন্ত পেলোৱাৰ কথা কোৱা নাই৷ প্রকৃততে আমাৰ দেশৰ সংবিধান সলনি কৰিছিল জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে৷ সংবিধান সলনি কৰিব পাৰে৷ কিন্তু ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে সংৰক্ষণৰ অন্ত পেলাবলৈ গৈ আছে৷ মই কেতিয়াও এনে দায়িত্বজ্ঞানহীন নেতা দেখা নাই৷ পার্ছনেল ল’ পুনৰ বলৱৎ কৰাৰ কথা কংগ্রেছে নিজেই কৈছে৷ দেশত এখনেই পার্ছনেল ল’ আছে আৰু সেয়া হৈছে মুছলিম পার্ছনেল ল’৷ আমি উমৈহতীয়া দেৱানী বিধি আনিছোঁ আৰু সেয়ে তেওঁলোকে পার্ছনেল ল’ পুনৰ বলৱৎ কৰাৰ কথা কৈছে৷ এইটো শ্বৰীয়ৎ আইনৰ ব্যতিৰেক নহয়৷ কেনেকৈ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্রত ধর্মৰ ভিত্তিত আইন হ’ব পাৰে? সংবিধান সভাতেই ন্যায়িক সংহিতা প্রৱর্তনৰ সপক্ষে কোৱা হৈছে৷ কিন্তু কংগ্রেছে সংখ্যালঘুৰ ভোটৰ প্রয়োজনীয়তাৰ বাবে পার্ছনেল ল’ৰ পোষকতা কৰি আহিছে৷ আমি কৈছোঁ– উমৈহতীয়া দেৱানী বিধি আনিম, পৰৱর্তী ৫ বছৰৰ কাৰণে ৮০ কোটি জনসাধাৰণক বিনামূলীয়া চাউল দিম, তিনি কোটি নতুন ঘৰ নির্মাণ কৰিম, প্রতিটো পৰিয়ালক খোৱাপানীৰ পাইপেৰে সংযোগ কৰিম, পি এম সূর্য ঘৰ আঁচনিৰ জৰিয়তে এক কোটি লোকক শূন্য বিদ্যুৎ বিলৰ দ্বাৰা লাভাৱান্বিত কৰিম আৰু তিনি কোটি লাখপতি দিদিৰ সৃষ্টি কৰিম৷ এয়াই আমাৰ লক্ষ্য৷ প্রতিটো দলেই নিজৰ সাংগঠনিক ভেটি বৃদ্ধি কৰিব বিচাৰে৷ তাৰ বাবেই আমি কাম কৰি আছোঁ৷ আমি ৪০০তকৈও অধিক আসনত জয়ী হ’বলৈ ভোট বিচাৰিছোঁ৷ ইডি আৰু চিবিআইৰ দৰে সংস্থাক অপব্যৱহাৰৰ অভিযোগ বিৰোধীয়ে অনাটো অনুচিত৷ বিশেষকৈ আপৰ দৰে ৰাজনৈতিক দলৰ ক্ষেত্রত এনেধৰণৰ কথা শোভা নাপায়৷ তেওঁলোকে কেতিয়াও ৰাজনীতিত যোগদান নকৰে বুলি ঘোষণা কৰিছিল৷ কিন্তু অৱশেষত আন্না হাজাৰেক একাষৰীয়া কৰি তেওঁলোকে ৰাজনীতিত যোগদান কৰিলে৷ তেওঁলোকে বাংলো, নিৰাপত্তাৰক্ষী আৰু গাড়ী ব্যৱহাৰ নকৰাৰ কথাও কৈছিল৷ কিন্তু পৰৱর্তী সময়ত তেওঁলোকে বাংলো ল’লে আৰু তাক শ্বীশ মহললৈ পর্যবসিত কৰিলে৷ দুর্নীতিৰ বিৰুদ্ধে যুঁজাৰ কথা কৈ দুর্নীতিৰ গোচৰতেই তেওঁলোক ধৰা পৰিল৷ নিজকে সৎ বুলি দাবী কৰিও গ্রেপ্তাৰ হোৱাৰ পিছতো পদত্যাগ কৰাৰ তেওঁলোকৰ নৈতিক শক্তি নাই৷ ইতিহাসত প্রথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে, য’ত নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা নহ’ল৷ প্রকৃততে তেওঁলোকে অনুভৱ কৰে যে যদি পদত্যাগ কৰে, তেন্তে দলটো বিধ্বস্ত হৈ পৰিব৷

👉আপুনি ভাবে নেকি যে ইভিএমৰ জৰিয়তে নির্বাচন অনুষ্ঠিত কৰাত বিজেপি শিবিৰ পতিয়ন যোৱা নাই? বিজেপিয়ে এক দেশ এক নির্বাচন ২০২০ত প্রৱর্তনৰ প্রতিশ্রুতি দিছিল৷ ইয়াৰ দ্বাৰা দেশৰ অর্থনীতি কেনেধৰণে লাভান্বিত হ’ব?
অমিত শ্বাহ : ৰাহুল গান্ধী যেতিয়ালৈকে ৰাজনীতিত থাকিব, তেতিয়ালৈকে ইভিএমৰ সমস্যাটো তেওঁ উত্থাপন কৰিয়ে থাকিব৷ আচলতে তেওঁ এই বিষয়টো উত্থাপন কৰাৰ কাৰণটো হ’ল আত্মবিশ্লেষণৰ অভাৱ৷ তেওঁ পৰাজয়ৰ মূল কাৰণটো পর্যালোচনা নকৰে৷ ৰাহুল গান্ধীয়ে পৰাজয়ৰ কাৰণ কেতিয়াও জানিবলৈ চেষ্টা নকৰে৷ শেহতীয়াকৈ তেওঁলোকে তেলেংগানা আৰু হিমাচল প্রদেশত জয়ী হৈছে৷ তেওঁলোকৰ সহযোগী দল চেন্নাই আৰু মমতা বেনার্জীৰ পশ্চিমবংগত জয়ী হৈছে৷ যেতিয়া তেওঁলোক জয়ী হয়, তেতিয়া শপত গ্রহণ কৰিবলৈ যায় আৰু যেতিয়া পৰাজয় বৰণ কৰে তেতিয়া দোষ জাপি দিয়ে ইভিএমৰ ওপৰত৷ যদিহে ফলাফলৰ ওপৰত সন্দেহ আছে, তেন্তে তেওঁলোকে শপতগ্রহণ কৰিব নালাগে৷ দেশত একেলগে নির্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছিল৷ কিন্তু ইন্দিৰা গান্ধীয়ে একাংশক স্থানচ্যুত কৰাৰ পিছত বিৰোধী চৰকাৰসমূহৰ সময়ৰ মিল নোহোৱা হৈ আহিছিল৷ এতিয়া আইন প্রণয়ন কৰাটো প্রয়োজনীয় হৈ পৰিছে৷ এক ৰাষ্ট্র এক নির্বাচন৷ যাতে ৫ বছৰত এবাৰেই নির্বাচন অনুষ্ঠিত হয়৷ ইতিমধ্যে ইয়াৰ বাবে ৰামনাথ কোৱিন্দৰ নেতৃত্বত গঠন কৰা সমিতিয়ে চৰকাৰক প্রতিবেদন দাখিল কৰিছে আৰু এক দেশ এক নির্বাচনৰ সপক্ষত পৰামর্শ আগবঢ়াইছে৷ ইয়াৰ ফলত বর্তমানৰ নির্বাচন ব্যয় এক পঞ্চমাংশলৈ হ্রাস পাব৷

👉ৰাম মন্দিৰ নির্মাণে এইবাৰৰ নির্বাচনত প্রভাৱ পেলাব বুলি আপুনি অনুভৱ কৰে নেকি?
অমিত শ্বাহ : ৰাম মন্দিৰ আমাৰ বাবে কেতিয়াও নির্বাচনী ইছ্যু নাছিল৷ বৰঞ্চ ই এক বিশ্বাসৰ বিষয়৷ মানুহে এতিয়া অনুভৱ কৰিছে যে একমাত্র ভোটবেংকৰ বাবে ৰাম মন্দিৰৰ সমস্যাটো সমাধান নোহোৱাকৈ ৰখা হৈছিল৷ আজি বিজেপিৰ বাবেই ৰাম মন্দিৰ সম্পূর্ণ হৈ উঠিছে৷ সংখ্যালঘু ভোটবেংক হেৰুওৱাৰ ভয়ত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত তেওঁলোক (কংগ্রেছ) উপস্থিত নথকাটো আটাইতকৈ ডাঙৰ এক্সপ’জাৰ৷

👉পশ্চিমবংগৰ সন্দেশখালীত সংঘটিত ঘটনাই সমগ্র দেশৰ ৰাজনীতিত জোকাৰণি তুলিছে৷ এইবাৰৰ নির্বাচনত পশ্চিমবংগত বিজেপিয়ে কেনে ধৰণৰ ফলাফল লাভ কৰিব বুলি আপোনাৰ পূর্বানুমান?
অমিত শ্বাহ : পশ্চিমবংগৰ আটাইতকৈ ডাঙৰ ইছ্যুটো হৈছে অনুপ্রৱেশ৷ ই ৰাষ্ট্রীয় নিৰাপত্তালৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে৷ মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনে ভোটবেংকৰ স্বার্থত জনগাঁথনিগত পৰিৱর্তনক সমর্থন কৰিছে৷ তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে৷ এহাতে অনুপ্রৱেশৰ অনুমতি দি পিছদুৱাৰেদি অনুপ্রৱেশকাৰীক নাগৰিকত্ব প্রদান কৰে৷ আনহাতে মমতা বেনার্জীয়ে ভাৰতলৈ বৈধভাৱে অহা লোকসকলক নাগৰিকত্ব লাভৰ বিৰোধিতা কৰিছে৷ চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন আদি ধর্মাৱলম্বী লোকসকলক নাগৰিকত্ব লাভত তেওঁৰ সমস্যা কি? পশ্চিমবংগত দুর্নীতিয়ে ছানি ধৰিছে৷ এজন মন্ত্রীৰ ঘৰৰ পৰা ৫১ কোটি টকা উদ্ধাৰ কৰাৰ পিছতো মমতা বেনার্জীয়ে তেওঁক দলৰ পৰা নিলম্বিত নকৰিলে৷ ২০১৫ চনত পশ্চিমবংগত আমি দুখন আসনত জয়ী হৈছিলোঁ৷ এই সংখ্যা ইতিমধ্যে ৭৭লৈ বৃদ্ধি পাইছে৷ এসময়ত দার্জিলিঙৰ পৰাই আমাৰ একমাত্র সাংসদজন জয়ী হৈছিল৷ বর্তমান পশ্চিমবংগত আমাৰ দলৰ পৰা সাংসদ ১৮জন৷ সন্দেশখালীত শেহতীয়াকৈ সংঘটিত ঘটনা দেশৰ গণতন্ত্রৰ বাবে এটা ক’লা অধ্যায়৷ ভোটবেংকৰ স্বার্থত এগৰাকী মহিলা মুখ্যমন্ত্রীয়ে শ শ মহিলাৰ ওপৰত অত্যাচাৰৰ অনুমতি দিছে৷ আনকি যিসকল এনে অপৰাধৰ লগত জড়িত তেওঁলোকক গ্রেপ্তাৰ কৰাও নহয়৷ ৰাজ্যখনত তেওঁৰ কার্যকলাপৰ বাবে শিক্ষক নিযুক্তিৰ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে৷ কঠোৰ পৰিশ্রম কৰা যুৱক–যুৱতীসকল বঞ্চিত হ’ল৷ অনুৰূপ ধৰণে উচ্চ ন্যায়ালয়ৰ নির্দেশত চাকৰি হেৰুওৱা যুৱক–যুৱতীসকলো আজি বিচলিত৷ এইবাৰৰ লোকসভা নির্বাচনত পশ্চিমবংগত আমি কমেও ৩০খন আসন লাভ কৰিম৷

You might also like