নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰং চেনেলৰ “ৰং বসন্তৰাণী-২০২৪” কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইক গৃহ চহৰত উষ্ম আদৰণি

🔴একেটা মাহতে লাভ কৰিলে ট্রেণ্ডছ বিহুৰে বিৰিণা শ্ৰেষ্ঠ বিহুৱতী-২০২৪

নিয়মীয়া বাৰ্তা. ২ মে’ : প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মনোৰঞ্জনধৰ্মী চেনেল ৰং চেনেলত অনুষ্ঠিত “ৰং বসন্ত উৎসৱ”ত ৰং বসন্তৰাণী ২০২৪, ট্রেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা শ্ৰেষ্ঠ বিহুৰাণী ২০২৪ৰ খিতাপ আৰু এন কে টিভিৰ বৰ বিহুৱতী ২০২৪ৰ ফাইনেলিষ্টৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱা নাহৰকটীয়া জয়পুৰৰ নৃত্যশিল্পী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই আজি নিজ গৃহ চহৰত আহি উপস্থিত হওঁতে জয়পুৰৰ বিভিন্ন দল সংগঠনে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। নৃত্যশিল্পীগৰাকীয়ে নাহৰকটীয়া ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ লগে লগে জয়পুৰবাসীয়ে তেওঁক এখন খোলা গাড়ীত আদৰি আনি সমগ্ৰ জয়পুৰ চহৰ পৰিভ্ৰমণ কৰোৱাৰ লগতে অঞ্চলটোৰ দিহিংপৰিয়া জ্ঞানদীক্ষা যুৱ সমন্বয় কেন্দ্ৰ, জয়পুৰ জাতীয় বিদ্যালয়, জয়পুৰ বাসী ৰাইজ, জয়পুৰ ৰাজহুৱা নামঘৰ, জয়পুৰৰ গাওঁবুঢ়া হেমিদুল আহমেদ, যুৱ নেতা তথা বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা আদিকে ধৰি কুৰিৰো অধিক ব্যক্তি প্ৰতিষ্ঠান আৰু দলসংগঠনে গামোচা চেলেং আৰু ফুলৰ থোপাৰে বিহুৱতীগৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰণিধানযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক কলা বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী ধাৰী তথা ২০১২ চনৰ পৰা আনুষ্ঠানিকভাৱে নৃত্যৰ অনুষ্ঠানত ভাগলোৱা তথা ২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ বিহুৱতী, ২০২২ চনত অসম বিহুৱতী, নেঘেৰি নাচনী আৰু ভৰলুপৰীয়া বিহুৱতী আদিকে ধৰি বিভিন্ন অসম ভিত্তিক বিহু নৃত্যৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱা জয়পুৰ নিবাসী দেবেন বুঢ়াগোঁহাই আৰু প্ৰয়াত অঞ্জনা বুঢ়াগোঁহাইৰ কনিষ্ঠা কন্যা কৃষ্ণাশ্ৰী বুঢ়াগোহাঁয়ে বৰ্তমান জয়পুৰৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ নাটমল্লাৰ মিউজিক এণ্ড ডান্স একাডেমী পৰিচালিকা ৰূপে কৰ্মৰত হৈ আছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like