নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিলৈ ভাৰতৰত্ন

বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন আগবঢ়োৱা হ’ল লালকৃষ্ণ আদৱানিলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা এক্স হেণ্ডেলত ঘোষণা কৰে এই কথা। বঁটাটোৰ বিষয়ে অৱগত কৰিবলৈ আদৱানিক ব্যক্তিগতভাৱে যোগাযোগ কৰা বুলিও জনায় তেওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে লালকৃষ্ণ আদৱানিক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰা বাবে অভিনন্দন জনায়। ভাৰতৰত্ন বঁটা ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে- “লালকৃষ্ণ আদৱানিয়ে ভাৰতৰত্ন বঁটা লাভ কৰাৰ কথা ঘোষণা কৰি মই অতি সুখী হৈছোঁ। মই ব্যক্তিগতভাৱে তেওঁৰ লগত কথা পাতি শুভেচ্ছা জনালোঁ। দেশৰ উন্নয়নত তেওঁৰ অৱদান অনস্বীকাৰ্য। তেওঁ তৃণমূল পৰ্যায়ৰ পৰা দেশৰ সেৱাত কাম কৰিবলৈ আৰম্ভ কৰে। উপ-প্ৰধানমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। তেওঁৰ কাম আমাৰ বাবে এক আদৰ্শ।” উল্লেখযোগ্য যে তিনি দশক পূর্বে দেশত ৰাম মন্দিৰ আন্দোলনৰ সময়ত আদৱানি সংঘ পৰিয়ালৰ ‘মুখ’ আছিল৷ অৱশ্যে আদৱানিয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আদৱানিৰ বয়স এতিয়া ৯৭ বছৰ। উল্লেখ্য যে আদৱানি ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ, ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ আৰু ২০০৪ চনৰ পৰা ২০০৫ চনলৈকে তিনিটা কাৰ্যকাল বিজেপিৰ সৰ্বভাৰতীয় সভাপতি আছিল। অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত তেওঁ উপ-প্ৰধানমন্ত্ৰী হৈছিল। এইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বও চম্ভালিছিল।

You might also like