নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ দেশজুৰি কৰোনাৰ দ্বিতীয় ঢৌত আতংকিত হৈ পৰিছে দেশবাসী। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভেকছিনেই হৈছে আটাইতকৈ ডাঙৰ অস্ত্ৰ। সেয়েহে এতিয়া টিকাকৰণৰ গতি দ্ৰুত কৰাই হৈছে কেন্দ্ৰৰ লক্ষ্য।
চৰকাৰে ইতিমধ্যে জনাইছে যে ভেকছিন নিৰ্মাণকাৰী কোম্পানীবোৰে উৎপাদনৰ ৫০ শতাংশ ভেকছিন ৰাজ্যসমূহক পোনপটীয়াকৈ দিব পাৰিব। অৰ্থাৎ, ভেকছিন পাবলৈ এতিয়াৰে পৰা কেন্দ্ৰলৈ ৰৈ থকাৰ কোনো প্ৰয়োজন নাই।
আৰু এইবাৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ (Serum Institute of India) তৰফৰ পৰা ভেকচিন ড’জৰ দাম ঘোষণা কৰা হৈছে।
চেৰাম ইনষ্টিটিউটে বুধবাৰে প্ৰকাশ কৰে যে সকলো ৰাজ্য চৰকাৰে কভিশ্বিল্ডৰ প্ৰতিটো পালিৰ বাবে ৪০০ টকা খৰচ কৰিব লাগিব। সমান্তৰালকৈ ব্যক্তিগত চিকিৎসালয়ৰ বাবে কভিশ্বিল্ডৰ প্ৰতিটো পালিৰ মূল্য ৬০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
Following the Govt of India directives, we are announcing the prices of the Covishield vaccine – Rs 400 per dose for state governments and Rs 600 per dose for private hospitals: Serum Institute of India (SII) #COVID19 pic.twitter.com/xU54SUPbiE
— ANI (@ANI) April 21, 2021