🔹 ৩৫তকৈ অধিক বোলেব’ম যাত্রী আহত
নিউজ ডেস্ক, ১২ আগষ্ট : বিহাৰৰ জেহানাবাদ জিলাৰ বৰাভৰ পাহাৰৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত যোৱানিশা অঘটন ঘটে৷ শিৱভক্ত তথা বোলেব’ম যাত্রীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত সিদ্ধেশ্বৰ নাথ মন্দিৰত পদপিষ্ট হৈ অতিকমেও সাত শিৱভক্তৰ কৰুণ মৃত্যু ঘটাৰ বিপৰীতে ৩৫জনতকৈ অধিক আহত হয়৷ মন্দিৰটোত নিশা শিৱভক্তৰ ভিৰ অত্যন্ত বৃদ্ধি পোৱাত আৰক্ষীয়ে ভিৰ নিয়ন্ত্রণ কৰিবলৈ লাঠীচালনা কৰাৰ পৰিপ্রেক্ষিততে ভক্তসকলে দৌৰাদৌৰি কৰোঁতে এই পদপিষ্টৰ ঘটনাটো সংঘটিত হয়৷ পৱিত্র শাওণ মাহৰ প্রতিটো দেওবাৰৰ নিশা শিৱভক্তসকলে পূজা কৰিবলৈ মন্দিৰত ভিৰ কৰেহি৷ যোৱানিশা মন্দিৰটোত অগণন ভক্তই ভিৰ কৰে৷ ভিৰে এনে অৱস্থা পায় যে আৰক্ষীয়ে নিয়ন্ত্রণ কৰিবলৈ লাঠীচালনা কৰিবলগীয়া হয়৷ লাঠীচালনাৰ ফলত ভয় খাই ভক্তসকলে দৌৰাদৌৰি কৰোঁতে পদপিষ্টৰ ঘটনাটো সংঘটিত হয়৷ এই ঘটনাত তিনি মহিলাসহ সাতজন লোকৰ কৰুণ মৃত্যু ঘটাৰ বিপৰীতে ৩৫জনতকৈ অধিক লোক আহত হৈছে৷ মাখডুমপুৰ আৰু সদৰ হাস্পতালত আহতসকলক চিকিৎসা চলাই থকা হৈছে৷ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত ৰখা হৈছে৷ উল্লেখ্য যে আৰক্ষীৰ লগতে ভিৰ নিয়ন্ত্রণ কৰিবলৈ এনচিচিৰ সদস্যও স্বেচ্ছাসেৱক হিচাপে নিয়োজিত হৈ আছিল৷ স্থানীয় লোকে এই পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশংকা প্রকাশ কৰিছে৷ একাংশ ভক্তৰ মতে, আৰক্ষী প্রশাসনৰ অৱজ্ঞাৰ বাবেই এই দুর্ঘটনা সংঘটিত হৈছে৷ জিলা দণ্ডাধীশে প্রকাশ কৰা মতে, একাংশ ভক্তৰ মাজত খামখেয়ালিৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷