নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ বিৰোধী দলৰ নেতাক চাপত ৰাখিবলৈ কেন্দ্রীয় সংস্থা এনফ’চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিক ব্যৱহাৰ কৰি আছে কেন্দ্রীয় চৰকাৰে৷ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে আজি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷
এনচিপিৰ নেতা তথা মহাৰাষ্ট্রৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেন গোচৰ সন্দর্ভত ইডিৰ তদন্তক লৈ অসন্তুষ্টি ব্যক্ত কৰি এনচিপিৰ মুৰব্বী পাৱাৰে কয় যে ইয়াৰ পূর্বে ইডিক কোনেও এনেধৰণে ব্যৱহাৰ কৰা নাছিল৷ এইটো স্পষ্ট যে বিৰোধী নেতাক চাপত ৰাখিবলৈ কেন্দ্রই ইডিক ব্যৱহাৰ কৰি আছে৷ ই কেৱল মহাৰাষ্ট্রতে নহয়, মধ্যপ্রদেশ, ৰাজস্থান, পঞ্জাব আৰু দক্ষিণৰ ৰাজ্যত এই ঘটনা ঘটি আছে৷