নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ সংযোগেৰে হাতী নিধন, এজনক জে’ললৈ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ অসম–মেঘালয় সীমান্তৰ ৰাণীৰ সমীপৰ নালাপাৰা উদয়পুৰত ২ ছেপ্টেম্বৰৰ মাজনিশা খেতিপথাৰত নিজগৃহৰ পৰা বিদ্যুৎ সংযোগ কৰি এটা বনৰীয়া হাতী নিধন কৰাৰ অভিযোগত বন বিভাগে আটক কৰা ৰামেশ্বৰ কলিতাক (৭৫) আজি জে’ললৈ প্রেৰণ কৰা হৈছে৷

বন বিভাগৰ ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বর্মনে জানিবলৈ দিয়া মতে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ পাছত বন বিভাগে ৰাণী আৰক্ষীৰ সহযোগত ৰামেশ্বৰ কলিতা আৰু তেওঁৰ পুত্র গৌতম কলিতাক কালি আটক কৰিছিল৷ পাছত সোধা–পোছাৰ অন্তত গৌতম কলিতাক ঘৰলৈ যাবলৈ দিয়া হয়৷ আনহাতে, আটক কৰা ৰামেশ্বৰ কলিতাৰ বিৰুদ্ধে বন্যপ্রাণী আইন–১৯৭২ৰ ৯ আৰু ৬১ ধাৰাৰ অধীনত ০৩/২১–২২ নম্বৰৰ এটা গোচৰ ৰজু কৰা হয়৷ আজি তেওঁক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জে’ললৈ প্রেৰণ কৰে৷

উল্লেখ্য যে বিগত দিনকেইটাত ৰাণী অঞ্চলৰ খেতিপথাৰসমূহত শালিধানৰ খেতি আৰম্ভ কৰাৰ পাছৰে পৰা মেঘালয় সীমান্তৰ পৰা অহা বনৰীয়া হাতীৰ জাকে খেতিপথাৰত ধান খেতিত উপদ্রৱ চলাই আহিছে৷ ৰাইজে নিশা পাল পাতি পহৰা দিয়াৰ সমান্তৰালভাৱে গছৰ ওপৰত সাজি লোৱা টঙিঘৰত উঠিও পহৰা দিবলগীয়া হৈছে৷ সমান্তৰালকৈ ৰাণী বনাঞ্চলিক বিষয়া কার্যালয়ৰ বনকর্মীৰ দলেও টহলদাৰী ব্যৱস্থাৰে পহৰা দি আছে৷ তাৰ মাজতো বনৰীয়া হাতীৰ খেতিপথাৰত মুক্ত বিচৰণৰ দৃশ্যই সকলোকে চিন্তিত কৰি তুলিছে৷

You might also like