নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটকীয় পদত্যাগৰ পিছত পুনৰ সভাপতিৰ পদলৈ শাৰদ পাৱাৰ, ৪ দিনৰ ভিতৰত পুনৰ ল’লে NCPৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ৫ মে’: এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ প্ৰত্যাহাৰ কৰিছে শাৰদ পাৱাৰে। শুকুৰবাৰে এখন সংবাদমেলত তেওঁ ঘোষণা কৰে যে, “মই আপোনাৰ আৱেগক অসন্মান কৰিব নোৱাৰোঁ। মই আৱেগিক হৈ পৰিছোঁ আৰু মোৰ সিদ্ধান্ত ঘূৰাই লৈছোঁ।” এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে ২ মে’ত মই এন চি পিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। এনে লাগিল যেন মোৰ বহু বছৰৰ সেৱাৰ অন্তত অৱসৰৰ সময় হৈছে।

পাৱাৰে কয় যে ইয়াৰ পিছত এন চি পিৰ বহু কৰ্মী আৰু বিষয়ববীয়াই দুখ অনুভৱ কৰিছিল। মোৰ শুভাকাংক্ষী আৰু কৰ্মী আৰু আপোনজনে মোক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। এই কথা কৈ দলৰ সতীৰ্থসকলে মোক পুনৰ সভাপতি পদটো ল’বলৈ ক’লে। মানুহৰ আৱেগক মোৰ ফালৰ পৰা অসন্মান কৰিব নোৱাৰি।

ইপিনে শাৰদ পাৱাৰৰ এই সিদ্ধান্তৰ পাছতে এন চি পিৰ কৰ্মীসকলে আনন্দোলাস উদযাপন কৰে।

You might also like