নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰাই ধূতি-কুৰ্তা কিয় পিন্ধা নাই… বিয়াত প্ৰচণ্ড হাই-উৰুমি

বিশেষ বাৰ্তা, ৯ মেঃ বিয়াত দৰাই ছেৰৱানী পোছাক পিন্ধাক লৈ কইনাৰ পৰিয়ালৰ সৈতে প্ৰচণ্ড হাই-কাজিয়াৰ সৃষ্টি হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাত। জনজাতীয় দৰা এজনে ধূতি-কুৰ্তা পিন্ধাৰ পৰিৱৰ্তে আধুনিক ছেৰৱানী পিন্ধি বিয়া পাতিবলৈ গৈছিল। কইনাৰ পৰিয়ালে জনজাতীয় নিয়মানুসৰি ধূতি-কুৰ্তা পিন্ধিবলৈ কৈছিল। ইয়াৰ পাছতে দুই পক্ষৰ বাক-যুদ্ধ লাগে আৰু পাছত সেয়াই ভয়ংকৰ হিংসাৰ ৰূপ লৈছে। দুয়োপক্ষৰ মানুহে পাছত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে। পুৰুষ-মহিলাই আৰক্ষী চকীত উপস্থিত হৈ ভিৰ কৰে আৰু প্ৰতিবাদ সাৱ্যস্ত কৰে। অৱশ্যে পাছলৈ দৰাই জনায় যে কইনাৰ পৰিয়ালৰ মানুহে নহয়, আন মানুহেহে মাৰপিটত লিপ্ত হয় আৰু সেই নিৰ্দিষ্ট মানুহকেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। পিছদিনা পুৱা দুয়োপক্ষই লগলাগি আধৰুৱা বিবাহখন সম্পন্ন কৰে।

You might also like