নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ ভাবুকি পাইছে মাস্কে! সবাতোকৈ ধনাঢ্য ব্যক্তিৰ আচৰিত টুইট

বিশেষ বাৰ্তা, ৯ মেঃ এসপ্তাহ আগেয়ে ৪৪০০ কোটি ডলাৰেৰে টুইটাৰ ক্ৰয় কৰি ধনকুবেৰ এলন মাস্কে সকলোকে আচৰিত কৰিছিল। সোমবাৰে তেওঁৰ এটা টুইটক লৈ বিশ্ব জুৰি আৰম্ভ হৈছে চৰ্চা। টুইটাৰত তেওঁ যি লিখিছে তাৰে অর্থ এনেকুৱা- ৰহস্যময় পৰিস্থিতিত যদি মোৰ মৃত্যু হয়…। জীৱনৰ নানা সময়ত সকলোৰে সৈতে পৰিচিত হ’ব পাৰি ভাল লাগিছে। তাৰ ওপৰৰ এটা টুইটত মাস্কে দাবী কৰিছিল পেন্টাগনৰ পৰা ইউক্রেইনলৈ কিছু বয়-বস্তু পঠিয়াই দিয়া হৈছে। বহুতেই ধাৰণা কৰিছে যে ইউক্রেইনক সহায় কৰাৰ বাবে ৰাছিয়াই মাস্কক ভাবুকি দিছে। সেয়ে বিশ্বৰ ধনীতম ব্যক্তিজনে নিজৰ ‘ৰহস্যময় মৃত্যুৰ’ আশংকাৰ কথা লিখিছে। যোৱা কেবামাহ ধৰি নানা বিতর্কিত টুইট কৰিছে মাস্কে।

You might also like