নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ ৰাগিত বিদ্যুতৰ খুঁটা বগাই তাঁৰত শুলে যুৱকে

🔹 শিহৰণকাৰী ঘটনা : গঞাৰ তৎপৰতাত ৰক্ষা পৰিল জীৱন

নিউজ ডেস্ক, ৪ জানুৱাৰী : সুৰাৰ ৰাগিত মতলীয়া হৈ মানুহে যে কি নকৰে! সঘনে ছ’চিয়েল মিডিয়াত সুৰাসক্ত লোকৰ কৰ্ম-কাণ্ডই ধুমুহাৰ সৃষ্টি কৰি আহিছে৷ এইবাৰ সুৰাৰ ৰাগিত অন্ধ্রপ্রদেশৰ এজন যুৱকে বিদ্যুতৰ খুঁটাত উঠিল৷ অকল সেয়াই নহয়, বিদ্যুতৰ তাঁৰৰ ওপৰত আৰামকৈ শুই পৰিলে যুৱকজনে! দেখিলে ধাৰণা হ’ব যেন তেওঁ তাঁৰৰ বিছনাত শুই ৰ’দ পুৱাই আছে৷ কিন্তু এই দৃশ্য দেখাৰ লগে লগে চকু কপালত উঠিছে স্থানীয় লোকসকলৰ৷ অন্ধ্রপ্রদেশৰ মান্যম জিলাত সংঘটিত হৈছে এই ঘটনা৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে- যুৱকজনে সুৰাৰ ৰাগিত গৈ বিদ্যুতৰ খুঁটাত উঠিছে৷ উঠি গৈ একেবাৰে বৈদ্যুতিক তাঁৰত আৰামত শুই পৰিছে যুৱকজন৷ যেন ঘৰৰ বিছনাহে৷ পিছফালে মূৰত হাত থৈ যুৱকজনে এনেদৰে শুইছে যেন তেওঁৰ কোনো দুর্ভাৱনা নাই৷ তলৰ পৰা বহু লোকে চিৎকাৰ কৰি আছে যদিও তাক গুৰুত্ব দিয়া নাই যুৱকজনে৷ লক্ষণীয় বিষয়টো হৈছে, যুৱকজনে বিদ্যুতৰ খুঁটাত উঠাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ব পাৰে বুলি আতংকিত বিভাগে বিদ্যুৎ সৰবৰাহ বন্ধ কৰি থৈছিল সেই লাইনত৷ অন্যথা যুৱকজনৰ মৃত্যু নিশ্চিত আছিল৷ বৈদ্যুতিক তাঁৰৰ ওপৰত শুই পৰা এই সুৰাপায়ী যুৱকক নমাই আনিবলৈ যথেষ্ট চেষ্টা কৰিবলগীয়া হয় বিদ্যুৎ বিভাগ আৰু স্থানীয় লোকসকলে৷ বহু চেষ্টাৰ অন্তত যুৱকজনক ওপৰৰ পৰা নমাই অনা হয়৷ কিন্তু সেই মুহূর্ততো সুৰাৰ ৰাগিত মতলীয়া হৈ আছিল যুৱকজন৷ বহুতেই এই দৃশ্য কেমেৰাত বন্দী কৰিছে৷ ছ’চিয়েল মিডিয়াত এই যুৱকৰ কৰ্ম-কাণ্ড ভাইৰেল হোৱাৰ লগে লগে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ইফালে, বিদ্যুৎ বিভাগৰ লগতে স্থানীয় লোকসকলক বিভিন্ন মহলে তেওঁলোকৰ কার্যৰ বাবে প্রশংসা কৰিছে৷ যুৱকজনৰ পৰিচয় সদৰী কৰা নাই আৰক্ষীয়ে৷

You might also like