নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ ড্ৰাগছ আৰু বলীউদ যেন একাকাৰ হৈ পৰিছে। সুশান্ত হত্যাৰ তদন্তই পোহৰলৈ অনা ড্ৰাগছজনিত ঘটনাপ্ৰৱাহে তাকেই প্ৰতিপন্ন কৰিছে। কালি সুশান্ত গোচৰৰ মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌভিক আৰু সুশান্তৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডাক নার্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰে।
আজি ন্যায়ালয়ে দুয়োজনকে ৪ দিনৰ বাবে এন চি বিৰ হেফাজতত দিয়ে। মাদক সৰবৰাহকাৰী আব্দুল বসিত পৰিহৰ, জায়েদ ভিলাত্ৰাকো ৯ ছেপ্টেম্বৰলৈ এন চি বিৰ জিম্মাত দিছে। এই চাৰি দিনত নার্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ তীব্ৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ব তেওঁলোক। ধাৰণা কৰা হৈছে যে এই জেৰাকালতে হয়তো সুশান্ত ৰাজপুতৰ মৃত্যুৰ গোপন ৰহস্য ফাদিল হ’ব।