নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশত ভয়ংকৰ বিস্ফোৰণত ছয়জনৰ প্ৰাণহানি

🔹 আহত অৰ্ধশতাধিক, ৬০টা ঘৰ ভস্মীভূত

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৬জন লোকৰ মৃত্যু হয়। প্ৰশাসনে আশংকা কৰা মতে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। এই ঘটনাত কমেও ৫৯জন লোক আহত হয়। জানিব পৰা মতে, কেইবাজনো শ্ৰমিক কাৰখানাৰ ভিতৰত আবদ্ধ হৈ আছে। মঙলবাৰে পুৱা ৰাজ্যখনৰ হৰদা জিলাৰ বৈৰাগড়ৰ ফটকা কাৰখানা এটাত হঠাৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ভয়ংকৰ শব্দত কাৰখানাটোৰ চাৰিওফালৰ অঞ্চল কঁপি উঠে। কেইবা কিলোমিটাৰমান দূৰলৈ বিস্ফোৰণৰ শব্দ শুনা যায়। জুইৰ গোলা আৰু ধোঁৱা বহু দূৰৰ পৰা দেখা পোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়। এই বিস্ফোৰণৰ পিছত ৬০টা ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অৱশ্যে ঘৰসমূহৰ পৰা বাসিন্দাসকলক উদ্ধাৰ কৰা হয়। তদুপৰি আশে-পাশে থকা এশৰো অধিক ঘৰ খালী কৰা হয়। ঘটনাস্থলীত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, বিস্ফোৰণৰ ফলত ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৯জন শ্ৰমিক কম-বেছি পৰিমাণে আহত হয়। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় বাসিন্দাসকলেও উদ্ধাৰ কাৰ্যত সহযোগ আগবঢ়ায়। বিস্ফোৰণৰ ফলত জুই ইমান দ্ৰুতগতিত বিয়পি পৰে যে শ্ৰমিকসকল ভিতৰত আবদ্ধ হৈ পৰে। হৰদাৰ জিলা দণ্ডাধীশ ঋষি গাৰ্গে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কিছুসংখ্যকৰ অৱস্থা সংকটজনক। এই বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে জিলাখনৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। প্ৰাথমিক তথ্য অনুসৰি, কাৰখানাটোত ১৫টা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ তীব্ৰতাই কেইবা কিলোমিটাৰ দূৰলৈ কঁপাই তোলে ।

You might also like