নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাকৰে মুখামুখি সংঘর্ষত ছিন্ন–ভিন্ন কাৰ : ছয়জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১০ মার্চ : ভয়াৱহ পথ দুর্ঘটনাত উত্তৰ প্রদেশত প্রাণ গ’ল ৬গৰাকী লোকৰ৷ এই দুর্ঘটনাত গুৰুতৰভাৱে আহত ৩গৰাকী লোকক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷  এই মর্মান্তিক দুর্ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ জৌনপুৰত ৷ সংঘর্ষৰ তীব্রতা ইমানেই বেছি আছিল যে ছিন্ন–ভিন্ন হৈ যায় দুর্ঘটনাগ্রস্ত কাৰখন৷ সমগ্র বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, যোৱানিশা ২.৩০ বজাত জৌনপুৰৰ গৌৰবাদ্ছাহপুৰ অঞ্চলৰ প্রসাদ অভিযান্ত্রিক মহাবিদ্যালয়ৰ সমীপত এই দুর্ঘটনা সংঘটিত হয়৷ প্রয়াগৰাজৰ দিশে গৈ আছিল গাড়ীখন৷ সেই সময়ত বিপৰীত দিশৰ পৰা দ্রুতগতিত আহি থকা ট্রাক এখনৰ সৈতে মুখামুখি সংঘর্ষত পতিত হয় গাড়ীখন৷ ঘটনাস্থলীতে নিহত হয় গাড়ীখনত থকা ৬গৰাকী যাত্রী৷ নিহতসকলৰ ভিতৰত দুগৰাকী মহিলাও আছে৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় গাড়ীখনত থকা অন্য ৩গৰাকী যাত্রী৷ তিনিওগৰাকী যাত্রীক উদ্ধাৰ কৰি হাস্পতাললৈ প্রেৰণ কৰা হয়৷ হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি, আহত তিনিওগৰাকী যাত্রীৰ অৱস্থাও সংকটজনক৷ মৃত আৰু আহত লোকসকল বিহাৰৰ সীতামাৰহি অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ ইফালে, আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শোকাৱহ দুর্ঘটনাৰ পিছতে ট্রাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে চালকজনক বিচাৰি তালাচী অভিযান চলাই আছে৷

You might also like