অসমকে ধৰি ছয় ৰাজ্যৰ উপ নির্বাচন পিছুৱালে আয়োগে
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ মহামাৰী ক’ভিড–১৯ সংকট আৰু বানপানীৰ বাবে ছয় ৰাজ্যৰ আঠটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ–নির্বাচন পিছুৱাই দিলে নির্বাচন আয়োগে৷ বিহাৰৰ বাল্মীকি নগৰ, অসমৰ শিৱসাগৰ, তামিলনাডুৰ থিৰুভটিয়ুৰ আৰু গুৰিয়ট্টম, মধপ্রদেশৰ আগৰ, উত্তৰ প্রদেশৰ বুলন্দচৰ আৰু তুলুন্দা আৰু কেৰালাৰ চাভৰা বিধানসভা সমষ্টিৰ নির্বাচন অহা ৭ ছেপ্ঢেম্বৰলৈ পিছুৱাই দিয়া হয়৷ নির্বাচন আয়োগে প্রকাশ কৰা মতে, পৰিস্থিতি স্বাভাৱিক হ’লেই সেই সমষ্টিকেইটাত নির্বাচন অনুষ্ঠিত কৰা হ’ব৷ তাৎপর্যপূর্ণ যে কোনো সমষ্টিৰ বিধায়কৰ পদ খালী হৈ থাকিলেই ছমাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব লাগে যদিও পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নির্বাচন আয়োগে এই বিধানসভা সমষ্টিকেইটাৰ নির্বাচন এবছৰৰ ভিতৰত অনুষ্ঠিত কৰিব৷