নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ফটোত দেখিবলৈ পোৱা গৈছে আগফালৰ পৰা এগৰাকী মহিলাই এখন ষ্ট্ৰেচাৰ টানিছে আৰু পাছফালৰ পৰা এটি শিশুৱে ঠেলিছে । ইয়াৰে এক ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যাৰ পাছতে হাস্পতালখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে হাস্পতালখনৰ প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।
অৱশ্যে এই দৃশ্য অসমৰ নহয় ! কিন্তু সকলোৰে অন্তৰত খুন্দিয়াই যোৱা এই দৃশ্যটো হৈছে উত্তৰ প্ৰদেশৰ গৌড়খপুৰৰ । টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, বৰহজ থানাৰ অধীনৰ গোৰা গাঁৱৰ নিৱাসী ছেদী যাদৱ এক দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল । পাছত তেওঁক জিলা হাস্পতালৰ চাৰ্জিকেল ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল ।
ছেদী যাদৱৰ কন্যা বিন্দু দেৱীয়ে জনোৱা মতে, চিকিৎসা চলি থকাৰ মাজতে তেওঁৰ আঘাতৰ স্থানসমূহ চাফ চিকুনৰ বাবে ৱাৰ্ড ৰূমৰ পৰা ড্ৰেচিং ৰূমলৈ নিয়াৰ বিনিময়ত হাস্পতালখনৰ কৰ্মচাৰীয়ে প্ৰতিবাৰে তেওঁলোকৰ পৰা ৩০ টকাকৈ মাননি বিচাৰে । কিন্তু তেওঁলোকে সেই টকা দিবলৈ মানি নোলোৱাত কৰ্মচাৰীসকলে ৱাৰ্ড ৰূমৰ পৰা ড্ৰেচিং ৰূমলৈ নিবলৈ অমান্তি হয় । যাৰ বাবে বিন্দু দেৱী আৰু তেওঁৰ ৬ বছৰীয়া পুত্ৰ সন্তানে এখন ষ্ট্ৰেচাৰত ড্ৰেচিং ৰূমলৈ নিয়ে । এনে সময়তে কোনো লোকে এই দৃশ্য মোবাইলত বন্দী কৰি ছ’চিয়েল মিডিয়াত আপল’ড কৰাত পলকতে ভাইৰেল হৈ পৰে ।
ইপিনে এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতে জিলা উপায়ুক্ত অমিত কিশোৰ হাস্পতালখনত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত কৰে আৰু পৰিয়ালটোৰ পৰা ধন দাবী কৰাৰ লগতে নিজৰ দায়িত্ব সম্পাদন নকৰাৰ অভিযোগত ৱাৰ্ড কৰ্মচাৰীকেইজনক চাকৰিৰ পৰা নিলম্বন কৰে ।