নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত অসুবিধাঃ প্রধানমন্ত্রীৰ প্রধান উপদেষ্টা পি কে সিন্হাৰ পদত্যাগ

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রধান উপদেষ্টা অৱসৰপ্রাপ্ত আইএএছ বিষয়া পি কে সিন্হাই পদত্যাগ কৰিছে৷ প্রধানমন্ত্রী কার্যালয়ৰ সূত্রত প্রকাশ পোৱা মতে ডেৰ বছৰ পূর্বে প্রধানমন্ত্রীৰ প্রধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া অৱসৰপ্রাপ্ত আইএএছ বিষয়া পি কে সিন্হাই পদত্যাগ কৰিছে৷ ব্যক্তিগত কাৰণত পি কে সিন্হাই পদত্যাগ কৰা বুলি উল্লেখ কৰা হৈছে যদিও চর্চা মতে নৰেন্দ্র মোদী চৰকাৰে সিন্হাক সাংবিধানিক পদবীত নিযুক্তি দিব৷ দেশৰ ৰাজধানী নতুন দিল্লী অথবা পুডুচেৰীৰ উপ–ৰাজ্যপাল হিচাপে পি কে সিন্হাক নিযুক্তি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে প্রধানমন্ত্রী কার্যালয়ত নিযুক্তিৰ পূর্বে ১৯৭৭ বেটচৰ উত্তৰ প্রদেশ কেডাৰৰ পি কে সিন্হাই ইতিহাসত একমাত্র আই এ এছ বিষয়া, যিগৰাকীক তিনিবাৰকৈ কেবিনেট ছেক্রেটাৰী ৰূপত সম্প্রসাৰণ কৰা হয়৷ গুৰুত্বপূর্ণ যে নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী হিচাপে ২০১৪ চনত দায়িত্ব গ্রহণ কৰাৰ পিছত পি কে সিন্হাই মোদী চৰকাৰৰ কার্যকালত কেইবাটাও বিভাগত দক্ষতাৰে কার্যনির্বাহ কৰি চৰকাৰখনক নতুন গতি দিছিল৷ ইউ পি এ চৰকাৰৰ ১০ বছৰীয়া কার্যকালত তিনিটাকৈ গুৰুত্বপূর্ণ মন্ত্রালয়ৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰ বাবেই পি কে সিন্হাক মোদী চৰকাৰে গুৰুত্বপূর্ণ পদবীত নিযুক্তি দিছিল৷ মোদী চৰকাৰৰ প্রথম কার্যালয়ত শক্তি সচিব হিচাপে কার্যনির্বাহ কৰা সিন্হাৰ সঠিক দক্ষতাৰ বাবে কেবিনেট সচিব হিচাপে কার্যনির্বাহ কৰাৰ সময়ত জি এছ টি বলৱৎ কৰিবলৈ সক্ষম হৈছিল মোদী চৰকাৰ৷

You might also like