ধূম্রপায়ী–নিৰামিষভোজীৰ ক’ৰোনা সংক্রমণৰ আশংকা কম
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ঘাতক ক’ভিড–১৯এ বিশ্বজুৰি মানৱজাতিক ত্রাসিত কৰি ৰখাৰ সময়তে কেনে পর্যায়ৰ লোকৰ এই মহামাৰী ভাইৰাছত সংক্রমণৰ আশংকা কম সেই সন্দর্ভত এক প্রতিবেদন প্রকাশ কৰিছে কাউঞ্চিল অৱ ছাইণ্টিফিক ইণ্ডাষ্ট্রিয়েল ৰিছার্চ চমুকৈ চি এছ আই আৰ–এ৷ ফ্রান্স, ইটালী, নিউয়র্ক আৰু চীনৰ অধ্যয়নত ধূম্রপায়ী লোকৰ ক্ষেত্রত ক’ভিডৰ সংক্রমণ কম বুলি কোৱা তথ্যক সাৰোগত কৰি শেহতীয়াভাৱে ক’ভিড–১৯ সংক্রমণত কেনেধৰণৰ লোক অধিক আক্রান্ত হয় কিম্বা কম আক্রান্ত হয় তাক লৈ চলোৱা চি এছ আই আৰৰ প্রতিবেদনত প্রকাশ পাইছে যে ধূম্রপায়ী আৰু নিৰামিষভোজী ক’ভিড সংক্রমণত আক্রান্ত হোৱাৰ আশা কম৷
অধ্যয়নত লাভ কৰা তথ্য মতে যদিওবা ক’ভিড–১৯ শ্বাস–প্রশ্বাসজনিত ৰোগ, তথাপিতো ধূম্রপায়ীসকল ইয়াৰ সংক্রমণৰ পৰা কিছু পৰিমাণে সুৰক্ষিত হ’ব পাৰে৷ এনেদৰে নিৰামিষ আহাৰ গ্রহণ কৰা লোকৰ ক্ষেত্রতো ক’ভিডৰ সংক্রমণৰ বিপদ কম বুলি অধ্যয়নত প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ বিৰুদ্ধে প্রতিৰোধী ক্ষমতা যোগান ধৰাৰ ক্ষেত্রত নিৰামিষ খাদ্যত থকা আঁহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ ভাৰতত ১৪০জনীয়া চিকিৎসক আৰু গৱেষকৰ দলে ছাৰছ–ক’ভ–২ৰ বিৰুদ্ধে এণ্টিবডী উপস্থিতিক লৈ চলোৱা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷ মন কৰিবলগীয়া যে দেশজুৰি চহৰ আৰু উপকণ্ঠীয় অঞ্চলৰ লোকৰ ওপৰত ৪০ চি এছ আই আৰ গৱেষণাগাৰত ১০,৪২৭ কর্মচাৰীয়ে এই তথ্য আহৰণত সহায় কৰিছে৷