🔹 যুৱকৰ দাবীক লৈ হতবাক জিলা স্বাস্থ্য বিষয়া
বিশেষ বাৰ্তা, ১৫ জুলাই : প্রতি শনিবাৰে সর্পদংশন! সাপে সপ্তাহৰ হিচাপ ৰাখে নেকি! আশ্চর্যজনক যদিও উত্তৰ প্রদেশৰ ফতেহপুৰৰ বাসিন্দা ২৪ বছৰীয়া এজন যুৱকে এই দাবী কৰিছিল৷ ঘটনাত হতবাক চিকিৎসকসকল৷ ফতেহপুৰৰ এই যুৱকজনৰ নাম বিকাশ ডুবে৷ চিকিৎসকসকলৰ ওচৰত গৈ তেওঁ জনায় যে যোৱা ৪০ দিনত তেওঁক সাপে দংশন কৰিছে৷ যুৱকজনে এই দাবীও কৰে যে প্রতি শনিবাৰে সাপে দংশন কৰিছে তেওঁক৷ কিন্তু প্রতিবাৰেই সঠিক সময়ত চিকিৎসাৰ বাবে জীৱনো ৰক্ষা পৰিছে যুৱকজনৰ৷ এই সন্দর্ভত ফতেহপুৰৰ জিলা স্বাস্থ্য বিষয়া ৰাজীৱ নাৰায়ণ গিৰিয়ে কয় যে শেহতীয়াকৈ যুৱকজনে আহি জিলা দণ্ডাধীশৰ কার্যালয়ত এই ঘটনা বিৱৰি কৈ কান্দি দিয়ে৷ চৰকাৰী আর্থিক সাহায্যৰো দাবী কৰে যুৱকজনে৷ লক্ষণীয়ভাৱে স্বাস্থ্য বিষয়া ৰাজীৱ নাৰায়ণ গিৰিয়ে যুৱকজনক চৰকাৰী হাস্পতাললৈ গৈ বিনামূলীয়া এণ্টি স্নেক ভেনম ইনজেকচন লোৱাৰ বাবে পৰামর্শ দিছে৷ আশ্চর্যৰ বিষয়টো হৈছে প্রতি শনিবাৰে সাপে দংশন কৰিছে যুৱকজনক৷ এতিয়া স্বাস্থ্য বিভাগে সঁচাকৈয়ে প্রতি শনিবাৰে যুৱকজনক সাপে দংশন কৰিছে নে নাই, সেই কথা পৰীক্ষা কৰি চোৱাৰ সিদ্ধান্ত লৈছে৷ যি চিকিৎসকসকলে যুৱকজনৰ চিকিৎসা কৰি আহিছে, তেওঁলোকৰ যোগ্যতাও পৰীক্ষা কৰি চোৱা যাব বুলি ৰাজীৱ নাৰায়ণ গিৰিয়ে সংবাদ মাধ্যমক জনাইছে৷