🔹 দুর্বাদল কাজিয়াৰ মাজত সম্পন্ন মাতৃৰ শেষকৃত্য
🔹 ৰাজস্থানৰ জয়পুৰৰ ঘটনাক লৈ চাঞ্চল্য
নিউজ ডেস্ক, ১৭ মে’ : শেষ নিশ্বাস ত্যাগ কৰিছে মাতৃয়ে৷ কিন্তু শোক পালন দূৰৰ কথা, পুত্রৰ মন কেৱল মাতৃৰ গহনাত৷ মাতৃৰ হাতৰ ৰূপৰ অলংকাৰ পাবলৈ দুঘণ্টা ধৰি মৃতদেহ চিতাত তোলাৰ পৰা আবদ্ধ কৰি ৰাখিলে পুত্রই৷ এই ৰূপৰ অলংকাৰ নাপালে মাতৃৰ শ্রাদ্ধ–সকাম সম্পন্ন নহ’ব বুলি জনাই দিলে পুত্রই৷ অকল সেয়াই নহয়, উপস্থিত লোকসকলে যাতে মাতৃৰ মৃতদেহৰ সৎকাৰ কৰিব নোৱাৰে, সেই বিষয়টোৰ ওপৰত নজৰ ৰাখি চিতাৰ ওপৰত বহি ৰ’ল পুত্র৷ আনকি অলংকাৰ নিদিলে মাতৃৰ দেহৰ পূর্বে তেওঁৰ দেহ চিতাত জ্বলাই দিয়া উচিত বুলি উপস্থিত লোকসকলৰ ওচৰত দাবী জনালে পুত্রই৷ ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনা৷ ৩ মে’ৰ দুপৰীয়া মৃত্যু হয় ভূৰি দেৱীৰ৷ তেওঁৰ পঞ্চম পুত্রই মাতৃৰ মৃত্যুৰ পাছত এই অথন্তৰ ঘটায়৷ দীর্ঘদিন ধৰি পৃথকে থকা পুত্রই মাতৃৰ গহনাৰ বাবে কাজিয়া আৰম্ভ কৰে৷ পৰিণতিত দুর্বাদল কাজিয়াৰ মাজত সম্পন্ন কৰিবলগীয়া হয় মাতৃৰ শেষকৃত্য৷