নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়াৰ সদম্ভ ঘোষণাঃ ময়েই কংগ্রেছৰ সভানেত্রী মিডিয়াৰ জৰিয়তে মোক কোৱাৰ কোনো প্রয়োজন নাই

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকত অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে দলক সমালোচনা কৰা বিদ্রোহী জি–২৩ জ্যেষ্ঠ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ দেশজুৰি শতিকাপুৰণি কংগ্রেছ দলটোত চলি থকা অন্তঃকন্দল আৰু নির্বাচিত সভাপতি সন্দর্ভত আলোচনাৰ অর্থে শনিবাৰে নতুন দিল্লীত দলটোৰ মুখ্য কার্যালয়ত চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হয়৷

দলটোৰ সিদ্ধান্ত গ্রহণকাৰী সর্বোচ্চ চি ডব্লিউ চিৰ বৈঠকত অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে জি–২৩ জ্যেষ্ঠ নেতাক কটাক্ষ কৰি সদম্ভে ঘোষণা কৰে– ময়েই দলৰ পূর্ণকালীন সভানেত্রী৷ সংবাদ মাধ্যম তথা মিডিয়াৰ জৰিয়তে মোক কোৱাৰ কোনো প্রয়োজন নাই৷ উল্লেখ্য যে পঞ্জাবত দলীয় অন্তঃকন্দলৰ বাবে সৃষ্ট পৰিস্থিতি সন্দর্ভত জি–২৩ৰ অন্যতম জ্যেষ্ঠ নেতা কপিল ছিবালে অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীক পৰোক্ষভাৱে সমালোচনা কৰিছিল৷ কপিল ছিবালে দলত কোনো নির্বাচিত সভাপতি নাই বুলি কোৱাৰ লগতে কোনে সকলো সিদ্ধান্ত গ্রহণ কৰে, সেয়াও তেওঁ নাজানে বুলি কৈছিল৷ এই মন্তব্যই কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ ইয়াৰ কিছুদিন পাছতে চি ডব্লিউ চিৰ বৈঠক আহ্বান কৰা হয় আৰু নির্ধাৰিত দিন অনুসৰি আজি নতুন দিল্লীৰ কার্যালয়ত বৈঠকখন অনুষ্ঠিত হয়৷

বৈঠক আৰম্ভ হোৱাৰ পাছতে প্রত্যক্ষভাৱে দলৰ বিষয়ে মিডিয়াত আলোচনা কৰা জ্যেষ্ঠ নেতাক সমালোচনা কৰি ছোনিয়া গান্ধীয়ে কয়– মই সদায়ে মুকলিকৈ কোৱাজনক প্রশংসা কৰোঁ৷ মিডিয়াৰ জৰিয়তে মোক কোৱাৰ কোনো প্রয়োজন নাই৷ গতিকে আমি সকলোৱে মুক্ত আৰু সততাৰে আলোচনা কৰোঁ৷ কিন্তু চি ডব্লিউ চিৰ বৈঠকত হোৱা সমূহীয়া সিদ্ধান্ত চাৰিবেৰৰ বাহিৰত বেলেগ ধৰণে প্রচাৰ হোৱাটো উচিত নহয়৷ এই বৈঠকত দলটোৱে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে বুলি বৈঠকৰ অন্তত দলৰ মুখপাত্র ৰণদীপ সূর্যেৱালা আৰু জ্যেষ্ঠ নেতা বেণুগোপালে সংবাদ মাধ্যমক অৱগত কৰে৷ মুখপাত্র সূর্যেৱালাই প্রকাশ কৰা মতে, অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে দলৰ আভ্যন্তৰীণ নির্বাচনৰ বাবে সাজু বুলি কয়৷

সিদ্ধান্ত অনুসৰি ২০২২ চনৰ ছেপ্ঢেম্বৰ মাহত দলৰ সভাপতি নির্বাচন কৰা হ’ব৷ চলিত বর্ষৰ ১ নৱেম্বৰৰ পৰা দলৰ সদস্যভুক্তি অভিযান আৰম্ভ কৰা হ’ব৷ মন কৰিবলগীয়া যে এই বৈঠকত কৃষকৰ প্রতিবাদ, কাশ্মীৰত হত্যা, ইন্ধনৰ মূল্যবৃদ্ধি আদি বিষয়ে বিতং আলোচনা কৰে৷ সভানেত্রী ছোনিয়া গান্ধীয়ে মোদী চৰকাৰৰ দিনত ইন্ধন, খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি চৰকাৰখনক সমালোচনা কৰে৷ বিজেপিবিৰোধী শক্তিসমূহে চৰকাৰৰ বিৰুদ্ধে সবল স্থিতি গ্রহণ কৰিব পৰা নাই বুলিও সভানেত্রীগৰাকীয়ে মন্তব্য কৰে৷ তদুপৰি কংগ্রেছে অনেক প্রত্যাহ্বানৰ সমুখীন হৈ আছে বুলি উল্লেখ কৰি সভানেত্রীগৰাকীয়ে কয়– আমি যদি একত্রিত হৈ থাকোঁ, আমি যদি শৃংখলাবদ্ধ হৈ থাকোঁ আৰু আমি যদি দলৰ স্বার্থকহে একমাত্র লক্ষ্য হিচাপে লওঁ, মই বিশ্বাস কৰোঁ আমি পূর্বৰ দৰে সবল হ’ম৷

লক্ষণীয় যে অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনত দলটোৱে একত্রিত আৰু শৃংখলাবদ্ধভাৱে যুঁজ দিব বুলি দৃঢ়তাৰে কয় সভানেত্রীগৰাকীয়ে৷ আনপিনে চি ডব্লিউ চিৰ বৈঠকত সভানেত্রী হিচাপে ছোনিয়া গান্ধীক পূর্ণ সমর্থন আগবঢ়োৱা বুলি চর্চিত হৈছে৷ তেনেদৰে চি ডব্লিউ চিৰ বৈঠকতে দলটোৰ পৰৱর্তী সভাপতি হিচাপে ৰাহুল গান্ধীক দায়িত্ব ল’বলৈ একাংশ সদস্যই আহ্বান জনায়৷ জ্যেষ্ঠ নেত্রী অম্বিকা ছোনীয়ে প্রকাশ কৰা মতে, চি ডব্লিউ চি বৈঠকত ৰাহুল গান্ধীৰ সভাপতিৰ বিষয়টো উত্থাপন হৈছে যদিও এই সন্দর্ভত সিদ্ধান্ত ৰাহুল গান্ধীয়ে ল’ব৷

You might also like