নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আন্তঃৰাষ্ট্রীয় টেনিছ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত নৱেম্বৰ মাহত গুৱাহাটীত দুখনকৈ আন্তঃৰাষ্ট্রীয় টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ আন্তঃৰাষ্ট্রীয় টেনিছ ফেডাৰেচনে দুয়োখন প্রতিযোগিতা গুৱাহাটীত আয়োজন কৰাৰ অনুমতি দিছে৷ ৮ৰ পৰা ১২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া প্রথমখন প্রতিযোগিতা আই টি এফ ছিনিয়ৰ পর্যায়ৰ৷ একেদৰে ১৫ৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন প্রতিযোগিতা আই টি এফ জুনিয়ৰ পর্যায়ৰ৷ ৩ লাখ ৪০ হাজাৰ টকাৰ প্রাইজমানীসমৃদ্ধ ছিনিয়ৰ প্রতিযোগিতাখনত ছিংগলছৰ লগতে ডাবলছ ইভেণ্টো খেলোৱা হ’ব৷

আনহাতে, ল’ৰা আৰু ছোৱালীৰ ১৮ বছৰ অনূর্ধ্ব শাখাত অনুষ্ঠিত হ’বলগীয়া আই টি এফ জুনিয়ৰ প্রতিযোগিতাখনতো ছিংগলছ আৰু ডাবলছ ইভেণ্ট থাকিব৷ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্তই আজি এই কথা জানিবলৈ দিছে৷

You might also like