নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ ক’ভিড টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ ছনু ছুড

নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ লকডাউনৰ সময়ত প্রব্রজিত শ্রমিকক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিয়া বলীউডৰ জনপ্রিয় অভিনেতা ছনু ছুডক পঞ্জাব চৰকাৰে ৰাজ্যখনৰ ক’ভিড টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্ত কৰিছে৷ পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে কালি এই কথা ঘোষণা কৰে৷

ইয়াৰ পূর্বে শনিবাৰে জনপ্রিয় অভিনেতাগৰাকীয়ে মুখ্যমন্ত্রী সিঙক চৰকাৰী আৱাসত সাক্ষাৎ কৰিছিল৷ ‘আপোনালোকক জনাবলৈ পাই সুখ অনুভৱ কৰিছোঁ যে অভিনেতা ছনু ছুড আমাৰ ক’ভিড–১৯ টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ হ’ব৷ আমাৰ এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁক আমি ধন্যবাদ জনাইছোঁ৷’ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে এইদৰে কয়৷ এই ভূমিকাৰ বাবে ছনু ছুডতকৈ উপযুক্ত ব্যক্তি কোনো নাই বুলিও অমৰিন্দৰ সিঙে উল্লেখ কৰে৷

You might also like