নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্য কপিল শর্মা শ্ব’: একোটা খণ্ডত কপিলৰ পাৰিশ্রমিক ৩৫ লাখ টকা

নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ দেশবাসীৰ মাজত অত্যন্ত জনপ্রিয় টিভি শ্ব’টোৱেই হ’ল ‘দ্য কপিল শর্মা শ্ব’’৷ সদ্যহতে সাময়িক বিৰতিত থকা এই শ্ব’টোৱে যোৱা কেইবাবছৰো ধৰি প্রতি শনি আৰু দেওবাৰে দেশৰ অগণন দর্শকক হাঁহি আৰু আমোদৰ খোৰাক দি আহিছে৷ আপুনি গম পালে আচৰিত হ’ব যে এই শ্ব’টোৰ জনপ্রিয় অভিনেতা–অভিনেত্রীসক একোগৰাকী বলীউডৰ তাৰকাতকৈও অধিক ধন লাভ কৰে৷

শ্ব’টোৰ মূল আকর্ষণ কপিল শর্মাই প্রতিটো খণ্ডৰ বাবে লাভ কৰে ৩০–৩৫ লাখ টকা৷ শেহতীয়া খবৰ মতে কপিলে আগন্তুক ছিজনৰ বাবে এই পাৰিশ্রমিক ৫০ লাখ টকালৈ বৃদ্ধি কৰিছে৷ কপিলৰ পিছতে সর্বাধিক পাৰিশ্রমিক পায় ক্রুছনা অভিষেকে৷ তেওঁৰ প্রতিটো খণ্ডৰ পাৰিশ্রমিক ১০–১২ লাখ টকা৷ এনেদৰে জনপ্রিয় মহিলা কৌতুক অভিনেত্রী ভাৰতী সিঙেও প্রতিটো খণ্ডৰ বাবে পায় ১০–১২ লাখ টকা৷

কপিলৰ ঘনিষ্ঠ বন্ধু চন্দন প্রভাকৰ ওৰফে চন্দুৱে প্রতিটো খণ্ডৰ বাবে লয় ৭ লাখ টকা৷ কপিলৰ প্রেয়সী তথা পত্নীৰ চৰিত্রত অভিনয় কৰি অহা বাঙালী অভিনেত্রী সুমনা চক্রৱর্তীয়েও প্রতিটো খণ্ডত পাৰিশ্রমিক লয় ৭ লাখ টকাকৈ৷

আনহাতে, শ্ব’টোৰ বিচাৰকৰ আসনত বহা অর্চনা পূৰণ সিঙৰ পাৰিশ্রমিক প্রতিটো খণ্ডত ১০ লাখ টকা৷

You might also like