নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণী এলিজাবেথৰ শাসনৰ ৰজত জয়ন্তী ঃ স্মৃতি চিহ্নত বানানৰ ভুল

ৰাণী এলিজাবেথৰ শাসনৰ ৰজত জয়ন্তী উদযাপনৰ বাবে তৈয়াৰ কৰা সহস্ৰ স্মৃতি চিহ্নত বানানৰ ভুলে চৰ্চাৰ সৃষ্টি কৰিছে। ব্ৰিটেইনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য় মতে, অনন্য ডিজাইনেৰে তৈয়াৰ কৰা ১০ সহস্ৰাধিক কাপ, প্লেট আৰু টী-ছেটত ভুলকৈ প্ৰিণ্ট হ’ল এটা বানান। ‘দ্য প্লেটিনাম জুবলী অৱ কুইন এলিজাবেথ দ্বিতীয়’ বুলি লিখা বাক্যশাৰীটোত jubilee বানানটো হৈ থাকিল Jubbly । যাৰ বাবে এই সামগ্ৰীবোৰ এতিয়া উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।

ব্ৰিটেইনৰ প্ৰখ্যাত কোম্পানীবোৰে সেয়া লব বিচৰা নাই। অৱশ্যে সামগ্ৰীসমূহ বিক্ৰীৰ বাবে ক্লিয়াৰেন্স নামৰ কোম্পানীটোৱে বিভিন্ন ধৰণে লাগি পৰিছে। মাত্ৰ ৩২,৪০০ পাউণ্ডত তেওঁলোকে গোটেই ষ্টক বিক্ৰী কৰিবলৈ লৈছে। উল্লেখনীয় যে, দেওবাৰে ৰাণী এলিজাবেথৰ শাসনৰ ৭০ বছৰ সম্পূৰ্ণ হব।

You might also like