নিয়মীয়া বাৰ্তা, ২৫ মেঃ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা প্রথমটো ক’ভিড–১৯ ভেকচিন ৰাছিয়াৰ স্পুটনিক ভিৰ উৎপাদন ভাৰতত আৰম্ভ কৰা হৈছে৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰ ডি আই এফ) আৰু ঔষধ প্রস্তুত কোম্পানী পেনেচিয়া বায়’টেকে যুটীয়াভাৱে ভাৰতত স্পুটনিক ভিৰ উৎপাদন আৰম্ভ কৰিছে৷ ভাৰতীয় কোম্পানী পেনেচিয়া বায়’টেকে বার্ষিক ১০০ নিযুত ড’জ স্পুটনিক ভি উৎপাদন কৰিব৷
উল্লেখ্য যে কিছুদিন পূর্বে স্পুটনিক ভিৰ আমদানি কৰা হৈছিল৷ ভাৰতত এই ভেকচিনৰ উৎপাদন আৰু বিতৰণত জড়িত কোম্পানী ডাঃ ৰেড্ডিজ লেবৰেটেৰিজে এই ভেকচিনটোৰ ব্যৱহাৰ ভাৰতত কৰিব৷ ইতিমধ্যে হায়দৰাবাদত এই ভেকচিনটোৰ প্রথমটো ড’জ প্রদান কৰা হৈছে৷ স্পুটনিক ভি ভেকচিনৰ প্রতিটো ড’জৰ মূল্য ৯৯৫ টকা৷
লক্ষণীয় যে আৰ ডি আই এফে ভাৰতত পেনেচিয়া বায়’টেকৰ উপৰি হিটেৰ’, গ্লেণ্ড ফার্মা আৰু ষ্টেলিছ ফার্মাৰ সৈতেও স্পুটনিক ভি উৎপাদনৰ বাবে চুক্তিবদ্ধ হৈছে৷ প্রসংগক্রমে উনুকিয়াওঁ যে যোৱা ১২ এপ্রিলত স্পুটনিক ভি ভেকচিন জৰুৰীভাৱে ভাৰতত ব্যৱহাৰৰ অনুমতি দিছিল কেন্দ্রীয় চৰকাৰে৷ এই ভেকচিনটোৰ প্রদান প্রক্রিয়া হায়দৰাবাদত যোৱা ১৪ মে’ত আৰম্ভ হৈছে৷ এতিয়ালৈকে বিশ্বৰ ৬৬খন দেশে স্পুটনিক ভি প্রদান কৰাৰ ক্ষেত্রত অনুমতি পাইছে আৰু এই ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ হৈছে৷ অর্থাৎ বিশ্বজুৰি ৩.২ বিলিয়ন লোকক স্পুটনিক ভি প্রদান কৰা হ’ব৷