চীনৰ হাতত বিক্ৰী গৈ সর্বনাশ শ্রীলংকাৰ!
বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ চীনৰ হাতত বিক্ৰী গৈ সর্বনাশ হৈছে শ্রীলংকাৰ! ভাৰতৰ দক্ষিণৰ প্রতিৱেশী দ্বীপৰাষ্ট্রখনৰ আর্থিক সংকট প্রসংগত এইবাৰ জাঙুৰ খাই উঠিছে দেশখনৰ খাদ্য ব্যৱসায়ীসকল। ৰাজাপক্ষে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ যে, এই চৰকাৰখনে চীনৰ হাততে সর্বস্ব বিক্রী কৰি দিয়া নহয়, অন্যান্য দেশৰ পৰাও বহু কিছু কিনিছে ধাৰত। ফলত শ্রীলংকা এতিয়া ঋণত জর্জৰিত। মানুহৰ হাতত টকা নাই। এফালে বজাৰত মূল্যবৃদ্ধিৰ জুঁই। ব্যৱসায়ীসকলৰ অভিযোগ যে এনেদৰে চলিলে আৰু কিছুদিন পাছত নাখাই মৰিব লাগিব দেশখনৰ মানুহ। ইপিনে, সোমবাৰে দেশৰ মন্ত্রীসভাৰ আটাইবোৰ মন্ত্রীয়ে ইস্তফা দিছে। আৰম্ভ হৈছে ৰাজনৈতিক সংকট। নতুন চৰকাৰ তৈয়াৰৰ ভেটিও বৰ দুর্বল। ইয়াৰ মাজতে দাম বাঢ়িছে সাধাৰণ শাক-চবজি আৰু ফল-মূলৰো। সমান্তৰালকৈ যোগানৰ অভাৱ। কলম্ব’ত আপেল বিক্রী হৈছে হাজাৰ টকা প্রতি কেজিত। নাচপতিৰ দাম ৭০০ টকাৰ পৰা বাঢ়ি হৈছেগৈ কেজিত ১৫০০ টকা।