বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ এফালে নতুন গাৰ্লফ্ৰেণ্ডৰ সৈতে হৃত্বিক ৰোশন আৰু আনপিনে চৰ্চাত থকা নতুন বয়ফ্ৰেণ্ডৰ সৈতে ছুজান খান। একেলগে পাৰ্টী কৰিলে আটাইয়ে। হয়, ঠিকেই শুনিছে। বলীউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন আৰু তেওঁৰ প্ৰাক্তন পত্নী ছুজানে নিজৰ নিজৰ নতুন সংগীৰ সৈতে একেলগে উপস্থিত হৈছিল পূজা বেদীৰ পাৰ্টীত। গোৱাত নতুনকৈ খোলা ছুজানৰ ৰেষ্টুৰেণ্টত পাৰ্টীৰ আয়োজন কৰিছিল পূজা বেদীয়ে। তাত দুই প্ৰাক্তন পতী-পত্নীকে দেখা গৈছে। মুম্বাই বিমানকোঠতো দুয়োকে নিজৰ নিজৰ সংগীৰ সৈতে অগাপিছাকৈ অহাও দেখা যায়। উল্লেখনীয় যে, হৃত্বিক ৰোশন আৰু ছুজান খানৰ ২০১৪ চনত বিবাহ বিচ্ছেদ ঘটে।
Prev Post
Next Post
You might also like