নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ উত্তৰ প্রদেশৰ ইটাহত পুনৰ শিহৰণকাৰী ধর্ষণকাণ্ড সংঘটিত হৈছে৷ কলেজলৈ গৈ থকা অৱস্থাতে চলন্ত গাড়ীত এক দুর্বৃত্তই বলাৎকাৰ কৰে বিএছচি পঢ়ি থকা এগৰাকী ছাত্রীক৷ তাৎক্ষণিকভাৱে আৰক্ষীয়ে এই ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি দুই অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷ কালি পুৱাৰ ভাগতে ঘৰৰ পৰা কলেজলৈ যোৱা অৱস্থাত বাগৱালাৰ ছাত্রীগৰাকীক এখন টেম্পোত দুর্বৃত্তই বলাৎকাৰ কৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷
উল্লেখনীয় যে অন্য কেইবাগৰাকীও ছাত্রীৰ সৈতে কলেজলৈ গৈ থকা যুৱতীগৰাকীয়ে গাড়ীৰ পৰা নামিবলৈ লোৱা অৱস্থাতে চালকে তীব্র গতিত গাড়ীখন চলাই নিয়ে৷ ইতিমধ্যে অন্য ছাত্রীসকলে গাড়ীৰ পৰা নামি কলেজ অভিমুখে যাত্রা কৰিছিল৷ এই ঘটনাৰ পিছতে টেম্পোৰ চালক আৰু ধর্ষণকাৰী দুর্বৃত্তটোক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে সমগ্র ৰাজ্যখনত ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে চাঞ্চল্য৷