স্কুলৰ বাহিৰতে হিজাব খুলিলে ছাত্ৰীয়ে
কর্ণাটকৰ মাণ্ডা জিলাৰ এখন চৰকাৰী অনুমোদনপ্ৰাপ্ত স্কুলৰ ছাত্রীক সোমবাৰে চৌহদৰ ভিতৰত প্রৱেশৰ পূৰ্বে হিজাব খুলিবলৈ দিয়া হয়। বিগত সপ্তাহত হাইকোর্টৰ অন্তৰ্ৱর্তীকালীন নিৰ্দেশ অনুসৰি শিক্ষা প্রতিষ্ঠানবোৰ খুলিবলৈ দিছে যদিও কোনো ধর্মীয় পোছাকৰ অনুমতি দিয়া হোৱা নাই। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে এগৰাকী মহিলাই স্কুলৰ গেটৰ বাহিৰত ছাত্ৰী এগৰাকীক হিজাব খুলিবলৈ কৈছে।
#WATCH | K’taka: Argument b/w parents & a teacher outside Rotary School in Mandya as she asked students to take off hijab before entering campus
A parent says,”Requesting to allow students in classroom, hijab can be taken off after that but they’re not allowing entry with hijab” pic.twitter.com/0VS57tpAw0
— ANI (@ANI) February 14, 2022
ভিডিঅ’ত লগতে দেখা গৈছে যে একাংশ অভিভাৱকে এই বিষয়টোত বিৰোধিতা কৰিছে। কিছু উত্তেজনাৰ সৃষ্টি হোৱাৰ পাছত ছাত্ৰীগৰাকীয়ে হিজাব খুলি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে। একেই ঘটনা ঘটিছে উদুপিৰ স্কুলতো। নৱম শ্ৰেণীৰ ছাত্ৰী দুগৰাকীক হিজাব খুলি বিদ্যালয়ৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হয়।