নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’ৰ্ট হৈ পৰিছে ‘ছুপাৰ পার্লিয়ামেণ্ট’ !

🔹 ৰাষ্ট্রপতিক সময়সীমা বান্ধি দিয়াক লৈ ক্ষুব্ধ ধনখড়

নিউজ ডেস্ক, ১৮ এপ্রিল : পুনৰ ন্যায়পালিকাক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’লে উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ে৷ উপ–ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰিছে যে যিধৰণে উচ্চতম ন্যায়ালয়ে আইন সভাত গৃহীত হোৱা বিধেয়কক লৈ সিদ্ধান্ত লোৱাৰ বাবে ৰাষ্ট্রপতিক সময়সীমা বান্ধি দিছে সেয়া কৰাটো সম্ভৱ নহয়৷ এনেদৰে ভাৰতৰ ৰাষ্ট্রপতিক কোনেও বিধেয়কক লৈ সিদ্ধান্ত ল’বলৈ বাধ্য কৰাব নোৱাৰে বুলিও ধনখড়ে মন্তব্য কৰিছে৷ যোৱা ১১ এপ্রিলত আইন সভা অর্থাৎ সংসদত গৃহীত হোৱা বিধেয়কক লৈ ঐতিহাসিক মন্তব্য কৰিছিল দেশৰ শীর্ষ আদালতখনে৷ শীর্ষ আদালতখনে পর্যবেক্ষণ আগবঢ়াইছিল যে আইন সভাত গৃহীত হৈ অহা বিধেয়ক অনন্তকাল আবদ্ধ কৰি ৰাখিব নোৱাৰে ৰাষ্ট্রপতিয়ে৷ ৩ মাহৰ ভিতৰতে এই সন্দর্ভত ৰাষ্ট্রপতিয়ে মতামত দিব লাগিব বুলি শীর্ষ আদালতৰ তৰফৰ পৰা মন্তব্য কৰিছিল৷ ৰাজ্যপালৰ ক্ষেত্রতো একেই নির্দেশ দিছিল শীর্ষ আদালতখনে৷ ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে জনাই দিয়ে যে ৰাজ্যপালৰ ওচৰৰ পৰা অহা বিধেয়ক সন্দর্ভত তিনি মাহৰ ভিতৰত মতামত দিব লাগিব ৰাষ্ট্রপতিয়ে৷ যদি তিনি মাহৰ ভিতৰত সেয়া সম্ভৱ নহয় তেন্তে পলম হোৱাৰ যথাযথ কাৰণ জনাব লাগিব সংশ্লিষ্ট ৰাজ্যক৷ উপ–ৰাষ্ট্রপতি ধনখড়ে এনেদৰে ৰাষ্ট্রপতিক চূড়ান্ত সময়সীমা বান্ধি দিয়াটো কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰিছে৷ দেশ কোনপথে আগবাঢ়িছে বুলিও আক্ষেপ প্রকাশ কৰে ধনখড়ে৷ আনকি শীর্ষ আদালত এতিয়া নিজেই ছুপাৰ পার্লিয়ামেণ্ট হৈ পৰা বুলি মন্তব্য কৰে ধনখড়ে৷ ৰাষ্ট্রপতিক চূড়ান্ত সময়সীমা বান্ধি দিয়াটো সাধাৰণ কথা নহয় বুলি উল্লেখ কৰি ধনখড়ে কয় যে গণতন্ত্রৰ প্রতি এয়া এক ভাবুকি৷ ইয়াক কোনো কাৰণতেই সমর্থন কৰিব নোৱাৰি বুলিও উপ–ৰাষ্ট্রপতিগৰাকীয়ে ক্ষোভ প্রকাশ কৰে৷

You might also like