নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাঠা সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ প্রশ্ন; আৰু কিমান প্রজন্মলৈ অব্যাহত থাকিব সংৰক্ষণ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ  মহাৰাষ্ট্রত মাৰাঠা সম্প্রদায়ৰ সংৰক্ষণ গোচৰক লৈ শুনানি গ্রহণ কৰা উচ্চতম ন্যায়ালয়ে আৰু কিমান প্রজন্মলৈ সংৰক্ষণ অব্যাহত থাকিব বুলি চৰকাৰখনক প্রশ্ণ কৰে৷ ৰাজ্যখনত মাৰাঠা সংৰক্ষণ সন্দর্ভত গোচৰৰ শুনানি গ্রহণ কৰি অসমতাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুঠ ৫০ শতাংশ সংৰক্ষণৰ সীমা প্রত্যাহাৰ কৰাৰ পক্ষত যুক্তি প্রদর্শন কৰে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে বহুচর্চিত মাৰাঠা সংৰক্ষণ গোচৰৰ শুনানি গ্রহণ কৰে৷ মহাৰাষ্ট্র চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰহটগীয়ে বিচাৰপীঠৰ সন্মুখত যুক্তি প্রদর্শন কৰি কয় যে পৰিৱর্তিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সংৰক্ষণৰ আৱশ্যকতাক মণ্ডল ৰায়ে পুনৰ নিৰীক্ষণৰ অনুমতি দিছে৷ সর্বোচ্চ ন্যায়ালয়ে পৰিৱর্তিত পৰিস্থিতিৰ ওপৰত সংৰক্ষণৰ বিষয়টো ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিয়া উচিত বুলিও কয় জ্যেষ্ঠ অধিবক্তা ৰহটগীয়ে৷ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে এই সন্দর্ভত স্পষ্ট কৰি দিয়ে যে ১৯৩১ চনৰ লোকপিয়লৰ আধাৰত মণ্ডল ৰায়দান দিছিল৷ মাৰাঠা সংৰক্ষণৰ ক্ষেত্রত মহাৰাষ্ট্র আইনৰ সমর্থনত যুক্তি প্রদর্শন কৰি জ্যেষ্ঠ অধিবক্তা ৰহটগীয়ে মণ্ডল ৰায়দানৰ বিভিন্ন দৃষ্টিকোণ বিশেষকৈ যিটোক ইন্দ্র চাহানি গোচৰ হিচাপে জনা যায় বুলি কয়৷ তেওঁ পুনৰ কয় যে কেন্দ্রীয় চৰকাৰে অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ লোকৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক অনুমোদন জনোৱাটোৱে ৫০ শতাংশ সংৰক্ষণৰ সীমাক অতিক্রম কৰিছে৷

জ্যেষ্ঠ অধিবক্তা ৰহটগীৰ যুক্তি শুনাৰ পাছত পাঁচজনীয়া বিচাৰপীঠে নিৰীক্ষণ কৰি কয়– ‘যদি ৫০ শতাংশৰ সীমা অথবা কোনো সীমা নাই, তেতিয়াহ’লে আপোনাৰ পৰামর্শ মতে অসমতাৰ ধাৰণাটো ক’ত? আমি সর্বশেষত ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব৷ এইক্ষেত্রত আপোনাৰ সেই সন্দর্ভত প্রতিক্রিয়া কি? অসমতা সন্দর্ভত আপোনাৰ মতামত কি? কিমান প্রজন্মলৈকে ই অব্যাহত থাকিব? উল্লেখ্য যে ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বাধীন ৫জনীয়া সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, এছ আব্দুল নাজিৰ, হেমন্ত গুপ্তা আৰু এছ ৰবীন্দ্র ভাট আছে৷ তাৎপর্যপূর্ণ যে ১৯৩১ চনৰ লোকপিয়লৰ আধাৰত মণ্ডল ৰায়দানক পুনৰীক্ষণ কৰাৰ অনেক যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা ৰহটগীয়ে বিভিন্ন পর্যায়ত জনসংখ্যা বৃদ্ধি হৈ বর্তমান ১৩৫ কোটি হোৱা বুলি যুক্তি প্রদর্শন কৰে৷ এইক্ষেত্রত বিচাৰপীঠে কয় যে স্বাধীনতাৰ পাছত ৭০ বছৰ অতিক্রম কৰিলে আৰু ৰাজ্যসমূহে অনেক হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি আছে৷ আমি এনেদৰে গ্রহণ কৰিব পাৰোঁ নেকি যে কোনো বিকাশ হোৱা নাই, য’ত কোনো পিছপৰা শ্রেণী আগবাঢ়ি যোৱা নাই৷

You might also like