নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ তথ্য–প্রযুক্তি আইনৰ বিলুপ্ত ধাৰা ৬৬ (ক)ৰ অধীনত নাগৰিকক গ্রেপ্তাৰ কৰা সন্দর্ভত কেন্দ্রক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ৷ ২০১৫ চনতে সর্বোচ্চ ন্যায়ালয়ে বিলুপ্তি ঘটোৱা তথ্য–প্রযুক্তি আইনৰ ৬৬ (ক) ধাৰাৰ অধীনত নাগৰিকক গ্রেপ্তাৰ কৰা বিষয়টোত আশ্চর্য প্রকাশ কৰি এই সন্দর্ভত কেন্দ্রক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে৷ ‘পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰেটিছ’ চুমকৈ পি ইউ চি এল নামৰ এন জি অ’ এটাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এফ নৰিমান, কে এম যোছেফ আৰু বি আৰ গাৱাই এই বিলুপ্তি ঘটোৱা ধাৰাৰ অধীনতে নাগৰিকক গ্রেপ্তাৰ কৰি থকা বিষয়টোত কেন্দ্রক ভর্ৎসনা কৰে৷
উল্লেখ্য যে সর্বোচ্চ ন্যায়ালয়ে বিলুপ্তি ঘটোৱা আই টি আইনৰ ৬৬ (ক) ধাৰাৰ অধীনত এজন ব্যক্তিয়ে অপৰাধমূলক বার্তা পোষ্ট কৰিলে, তেনে লোকক কাৰাদণ্ড তিনি বছৰলৈকে বিহিব পাৰি৷ ২০১৫ চনতে উচ্চতম ন্যায়ালয়ে বিলুপ্তি ঘটোৱা এই ধাৰাৰ অধীনত এতিয়াও কেন্দ্র তথা ৰাজ্যসমূহে নাগৰিকক গ্রেপ্তাৰ কৰি থকা বিষয়টোক লৈ বিচাৰপীঠে কয়–‘আপোনালোকে নাভাবিব যে ই বিনোদন আৰু আশ্চর্যজনক৷ শ্রেয়া সিংঘাল ৰায় ২০১৫ চনৰ৷ এইটো প্রকৃততে আশ্চর্যজনক৷ এই ভয়াৱহতা কিয় চলি আছে৷’
কেন্দ্রীয় চৰকাৰৰ হৈ বিচাৰপীঠৰ সন্মুখত এটর্নী জেনেৰেল কে কে বেণুগোপালে যুক্তি প্রদর্শন কৰি কয় যে আই টি আইনত ধাৰা ৬৬ (ক) সন্নিৱিষ্ট আছে যদিও বিশেষভাৱে এই ধাৰাটো বিলুপ্তি ঘটোৱা বুলি সন্নিৱিষ্ট হৈ আছে৷ ইয়াৰ পাছতো যদি এগৰাকী আৰক্ষী বিষয়াই এই ধাৰাটো দেখি গোচৰ ৰুজু কৰে৷ আইনখনত বিশেষভাৱে সন্নিৱিষ্ট হৈ থকা ধাৰা ৬৬ (ক) বিলুপ্তি ঘটোৱা বিষয়টোক গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ’লে কি কৰিব পৰা যাব৷
এটর্নী জেনেৰেলগৰাকীয়ে এই যুক্তি শুনি ন্যায়াধীশ নৰিমানে কয়– ‘আপুনি দুসপ্তাহৰ ভিতৰত এই সন্দর্ভত প্রত্যাহ্বান জনাই আবেদন দাখিল কৰক৷ আমি জাননী জাৰি কৰিছোঁ৷ দুসপ্তাহৰ পাছত এই বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব৷’ মন কৰিবলগীয়া যে পি ইউ চি এলে দাখিল কৰা আবেদনত অকল আৰক্ষী থানাসমূহেই বিলুপ্তি ঘটোৱা ৬৬ (ক) ধাৰাত গোচৰ ৰুজু কৰি থকা নাই৷ এনেধৰণৰ গোচৰ দেশজুৰি শুনানি আদালতত চলি আছে৷
উল্লেখ্য যে ২০১২ চনত শ্রেয়া সিংঘাল নামৰ আইনৰ শিক্ষার্থীয়ে আই টি আইনৰ ধাৰা ৬৬ (ক) সংশোধনৰ বাবে প্রথমবাৰৰ বাবে ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই এল) দাখিল কৰিছিল৷ ইয়াৰ পাছতেই দুগৰাকী কন্যা ছাহিন ধাড়া আৰু ৰিণু শ্রীনিৱাসনে পি আই এল দাখিল কৰিছিল৷ এই দুগৰাকী কন্যাক মহাৰাষ্ট্রৰ থানে জিলাৰ পালঘৰত গ্রেপ্তাৰ কৰা হৈছিল৷ এই আবেদনৰ শুনানি ২০১৫ চনৰ ২৪ মার্চত গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে তথ্য–প্রযুক্তি আইনৰ ধাৰা ৬৬ (ক)ৰ বিলুপ্তি ঘটায়৷ সর্বোচ্চ ন্যায়ালয়ে ৰায়ত প্রকাশ কৰা মতে, এই ধাৰাই প্রত্যক্ষভাৱে জনতাৰ অধিকাৰৰ ওপৰত প্রভাৱ পেলায়৷ পৰৱর্তী সময়ত এই ধাৰা প্রত্যাহাৰক লৈ সকলো উচ্চ ন্যায়ালয়ৰ লগতে শুনানি আদালতলৈ নির্দেশনাৰ কপী প্রেৰণ কৰা হৈছিল৷