প্রব্রজিত শ্রমিকৰ পঞ্জীয়নক লৈ কেন্দ্রক ককর্থনা ছুপ্রিম ক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ৩০ জুনঃ প্রব্রজিত শ্রমিকৰ পঞ্জীয়ন বিলম্ব কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক ককর্থনা উচ্চতম ন্যায়ালয়ৰ৷ এখন ঠাইৰ পৰা, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কর্মৰ খাতিৰত প্রব্রজিতত শ্রমিকক ৰেচন কার্ডত অন্তর্ভুক্ত নকৰাটো কেন্দ্রৰ ক্ষমাহীন বিলম্ব বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে সর্বোচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক অহা ৩১ জুলাইৰ ভিতৰত প্রব্রজিত শ্রমিকৰ বাবে ‘এক দেশ, এক ৰেচন কার্ড’ বলৱৎ কৰিবলৈ নির্দেশ দিয়ে সর্বোচ্চ ন্যায়ালয়ে৷
সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ আৰু এম আৰ চাহুৰ বিচাৰপীঠে নেচনেল ইনফ’ৰমেটিকছ চেণ্টাৰ (এন আই চি)ৰ সহায় লৈ ৩১ জুলাইৰ ভিতৰত প্রক্রিয়াটো সম্পূর্ণ কৰিবলৈও কেন্দ্রক নির্দেশ দিয়ে৷ বিচাৰপীঠে কয় যে যেতিয়া অসংগঠিত শ্রমিকসকলে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ লাভৰ বাবে অপেক্ষা কৰি আছে, সেই মুহূর্তত কেন্দ্রীয় চৰকাৰৰ শ্রম আৰু নিয়োগ মন্ত্রালয়ে যিধৰণৰ অনীহা আৰু দুর্বলতা প্রকাশ কৰিছে, তাৰ বাবে মন্ত্রালয় ক্ষমাৰ অযোগ্য৷
তদুপৰি যেতিয়ালৈকে প্রব্রজিত শ্রমিক আৰু অসংগঠিত শ্রমিকৰ পঞ্জীয়ন সম্পূর্ণ হৈ নুঠে, তেতিয়ালৈকে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা বলৱৎ কৰা কল্যাণ আঁচনিসমূহ কেৱল কাগজতহে আবদ্ধ হৈ আছে বুলি ককর্থনা কৰে বিচাৰপীঠে৷ আনপিনে, ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে ক্ষতিগ্রস্ত হোৱা প্রব্রজিত শ্রমিকৰ কল্যাণৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰক পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে বিচাৰপীঠে৷ মহামাৰী চলি থকালৈকে ৰাজ্য চৰকাৰসমূহক প্রব্রজিত শ্রমিকক ৰেচন আৰু ৰান্ধনিশালৰ সামগ্রী যোগান ধৰিবলৈও নির্দেশ দিয়ে ন্যায়ালয়ে৷
উল্লেখ্য যে সমাজকর্মী অঞ্জলি ভৰদ্বাজ, হর্ষ মণ্ডৰ আৰু জগদীপ ছোকাৰে সর্বোচ্চ ন্যায়ালয়ত আবেদন কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি দুজনীয়া বিচাৰপীঠে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহক এই নির্দেশ দিছে৷ ৰাজহুৱা স্বার্থজড়িত আবেদনত প্রব্রজিত শ্রমিকৰ কাৰণে কল্যাণমূলক আঁচনিৰ লগতে খাদ্য সুৰক্ষা নিশ্চিত কৰা, নগদ ধন হস্তান্তৰ কৰা, যান–বাহনৰ সুবিধা প্রদান কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক নির্দেশ দিবলৈ সর্বোচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছিল৷