ৰিয়াসহ ৬গৰাকীৰ বিৰুদ্ধে চিবিআইৰ গোচৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ হত্যাৰ গোচৰ
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ হত্যাৰ তদন্ত কৰিবলৈ চিবিআয়ে অভিনেত্রী ৰিয়া চক্রৱর্তী আৰু তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যসহ এক গোচৰ ৰুজু কৰিছে৷ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অভিযোগৰ পাছত বিহাৰ আৰক্ষীয়ে ৰুজু কৰা এক এজাহাৰৰ ভিত্তিত চিবিআয়ে এই গোচৰ ৰুজু কৰিছে৷ চিবিআয়ে ৰুজু কৰা গোচৰত অভিনেত্রী ৰিয়া চক্রৱর্তী এগৰাকী অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে কেন্দ্রীয় অনুসন্ধান সংস্থাটোৱে ৰাজপুতৰ হত্যাৰ তদন্ত কৰাৰ ক্ষেত্রত মোদী চৰকাৰে কালি সন্মতি প্রদান কৰাৰ পাছতে আজি চিবিআয়ে এইক্ষেত্রত তৎপৰতা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ চিবিআয়ে ৰুজু কৰা গোচৰত অভিনেত্রী ৰিয়াৰ উপৰি তেওঁৰ পিতৃ ইন্দ্রজিত চক্রৱর্তী, মাতৃ সন্ধ্যা চক্রৱর্তী, ভাতৃ সৌভিক চক্রৱর্তী, সুশান্তৰ ঘৰুৱা পৰিচালক ছেমুৱেল মিৰাণ্ডা, শ্রুতি মোদী আৰু অন্য অজ্ঞাত ব্যক্তিক অভিযুক্ত হিচাপে উল্লেখ কৰিছে৷ অৱশ্যে ৰিয়া তথা উল্লেখিত পাঁচগৰাকী ব্যক্তিৰ বাহিৰে অন্য কোনো ব্যক্তিক নির্দিষ্টকৈ গোচৰটোত অভিযুক্ত কৰা নাই কেন্দ্রীয় সংস্থাটোৱে৷ অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে আইপিচিৰ বিভিন্ন ধাৰাত অভিযোগ অনা হৈছে৷ আত্মহত্যাৰ বাবে প্রৰোচনা, অপৰাধমূলক ষড়যন্ত্র, চুৰি, প্রৱঞ্চনা আদি বিভিন্ন অভিযোগ আনিছে চিবিআয়ে৷