নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-লকডাউনৰ বিৰূপ প্ৰভাৱঃ অইল ইণ্ডিয়াৰ ২০২০-২১ ৰ প্ৰথমটো ত্ৰৈমাসিকত মূলধন ব‍্যয় (Capital expenditure ) ২১ শতাংশলৈ হ্ৰাস

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ বিশ্বব‍্যাপ্ত মহামাৰী ক’ভিড-লকডাউনৰ বিৰূপ প্ৰভাৱত থমকি ৰ’ল বিশ্বৰ বজাৰ । প্ৰধানকৈ দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ ৰাজহুৱা খণ্ডৰ তৈল উদ‍্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদনমুখীতাৰ ওপৰত মাধমাৰ পৰাত বজাৰ অৰ্থনীতি পুনৰোদ্ধাৰত বৰ্তমানে টনকিয়াল হৈ উঠিব পৰা নাই ।

ক’ভিড-লকডাউনৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে ভাৰত চৰকাৰৰ অধীনস্হ পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে তৈল প্ৰতিষ্ঠানসমূহক নিৰ্ধাৰণ কৰি দিয়া মূলধন ব‍্যয়ৰ নিৰ্দিষ্ট লক্ষ্য স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই । অৰ্থাৎ ৰাজহুৱা তৈল উদ‍্যোগখণ্ডসমূহৰ মূলধন ব‍্যয় ( Capital Expenditure) ৰ হাৰ নিৰ্ধাৰিত লক্ষ‍্যতকৈ যথেষ্ট পৰিমাণে নিম্নগামী হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সমীক্ষা অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত মূলধন ব‍্যয়ৰ পৰিমাণ ২১ শতাংশলৈ পৰ্য‍্যবসিত হৈছে । অৰ্থাৎ অইল ইণ্ডিয়াই বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুনমাহত ৩,৮৭৭ কোটি টকা মূলধন ব‍্যয় কৰিছে ।

সেইদৰে অন‍্যান‍্য ৰাজহুৱা খণ্ডৰ তেল উদ‍্যোগ যেনে অ’ এন জি চিয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত ১৭ শতাংশ অৰ্থাৎ ৩২,৫০২ কোটি টকা মূলধন ব‍্যয় কৰাৰ বিপৰীতে অ’ এন জি চি বিদেশে ২০ শতাংশ অৰ্থাৎ ৭,২৩৫ কোটি টকা, ইণ্ডিয়ান অইলে ১০ শতাংশ অৰ্থাৎ ২৬,২৩৩ কোটি টকা , হিন্দুস্তান পেট্ৰ’লিয়াম ক’ৰপৰেশ‍্যন লিমিটেডে ৮ শতাংশ অৰ্থাৎ ১১,৫০০ কোটি টকা, ভাৰত পেট্ৰ’লিয়াম ক’ৰপেৰশ‍্যন লিমিটেডে ৮ শতাংশ অৰ্থাৎ ৯০০০ কোটি টকা আৰু গেইলে ৭ শতাংশ অৰ্থাৎ ৫,৪১২ কোটি টকা মূলধন ব‍্যয় কৰিছে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত ।

এইক্ষেত্ৰত অইল ইণ্ডিয়াকে ধৰি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ অধীনস্হ অন‍্যান‍্য তৈল কোম্পানীসমূহৰ ক’ভিড-লকডাউন পৰিৱেশত পৰিকল্পনা অনুযায়ী কামৰ অগ্ৰগতি লাভ নকৰা, সা-সৰঞ্জাম আদি সামগ্ৰীৰ চাহিদা হ্ৰাস, যাতায়ত ব‍্যাহত আদিকে ধৰি কেতবোৰ সকলো পথ ৰুদ্ধ হৈ যোৱাৰ ফলত মূলধন ব‍্যয়ৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰিছে বুুলি অইলে জানিবলৈ দিছে । ইফালে সামগ্ৰীক পৰিস্হিতিলৈ লক্ষ্য ৰাখি দেশৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ‍্যোগখণ্ডসমূহৰ স্বাভাৱিক গতিশীলতা বৃদ্ধি কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

You might also like