নিয়মীয়া বাৰ্তা, ২০ জুনঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত আজি তেওঁৰে নিকট সম্পৰ্কত থকা ১৪জন লোকৰ জবানবন্দী লয় মুম্বাই আৰক্ষীয়ে। এই লোকসকলৰ ভিতৰত সুশান্তৰ পৰিয়ালৰ সদস্যও আছে।
মুম্বাই আৰক্ষীৰ এই তদন্ত প্ৰসংগত উপায়ুক্ত অভিষেক ত্ৰিমুখেই কয় যে সুশান্তৰ আত্মহত্যাৰ নেপথ্যৰ কাৰণ কি সেয়া এই ঘটনাৰ সুবিচাৰৰ বাবে প্ৰয়োজন। গতিকে আকস্মিক দুৰ্ঘটনাটোৰ বাবে জবানবন্দী ৰেকৰ্ড কৰা হৈছে। আৰক্ষী সূত্ৰ অনুসৰি, পৰিয়ালৰ কোনো সদস্যৰ পৰা সুশান্তৰ আত্মহত্যা প্ৰভাৱিত নহয় বুলি বুজা গৈছে।
মুম্বাই আৰক্ষীয়ে ইতিমধ্যে সুশান্তই চুক্তিবদ্ধ হোৱা প্ৰতিষ্ঠানৰ চুক্তিপত্ৰও সংগ্ৰহ কৰিছে। আজি ইয়াৰ অংশ হিচাপে য়ছ ৰাজ ফিল্ম ইণ্ডাষ্ট্ৰীৰে হোৱা চুক্তিপত্ৰ সংগ্ৰহ কৰে। অভিনেতাজনৰ আত্মহত্যা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া সাৱধানতাৰে চলাই থাকিব বুলি জানিবলৈ দিয়ে মুম্বাই আৰক্ষীয়ে।