বিশেষ বাৰ্তা, ১৪ জুনঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে এটি ইনষ্টাগ্ৰাম পোষ্টৰে অভিনেতাজনক স্মৰণ কৰিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত প্ৰেমিকৰ সৈতে কটোৱা কিছু আনন্দৰ স্মৃতি ফটো ৰূপত শ্বেয়াৰ কৰে। পোষ্টটোৰ কেপচনত তেওঁ লিখিছে- তোমাক প্ৰতিদিনে মিছ কৰোঁ…। পোষ্টটোৰ লগতে ৰিয়াই এটি হাৰ্ট ইমোজি যোগ কৰিছে। ২০২০ চনৰ জুনত মুম্বাইৰ বান্দ্ৰা এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুত।
View this post on Instagram
মৃত্যুৰ কেইমাহমানলৈ ৰিয়া চক্ৰৱৰ্তীক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰিয়া আৰু তেওঁৰ ভাতৃক নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো বা এনচিবিয়ে ড্ৰাগছৰ তদন্তত গ্ৰেপ্তাৰ কৰিছিল। ইনষ্টাগ্ৰাম প্ৰফাইলত ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰায়ে মনত পেলায় প্ৰয়াত অভিনেতাগৰাকীক। চলিত বৰ্ষৰ সুশান্তৰ জন্মদিনত পুৰণি সময়ৰ ভিডিঅ’ৰ ৰূপত এটা স্মৃতি পোষ্ট কৰি লিখিছিল- Miss you so much.