নিউজ ডেস্ক, ৫ মে’ : দেশৰ প্রবীণতম যোগী বাৰাণসীৰ স্বামী শিৱানন্দ বাবাৰ দেহাৱসান ঘটিছে৷ পৰহি নিশা ৮.৩০ বজাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাৰ সুন্দৰলাল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে স্বামী শিৱানন্দ বাবাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১২৯ বছৰ৷ স্বামী বিবেকানন্দৰ ছিকাগো বত্তৃণতাৰ ঠিক তিনি বছৰ পূর্বে ১৮৯৬ চনৰ ৮ আগষ্টত অবিভক্ত বাংলাদেশৰ ছিলেট জিলাত জন্ম হৈছিল স্বামী শিৱানন্দ বাবাৰ৷ ২০২২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী সন্মানেৰে বিভূষিত কৰিছিল৷ মৃত্যুৰ পূর্বলৈকে লাখুঁটি অবিহনেই চলা–ফুৰা কৰিছিল শিৱানন্দ বাবাই৷ শিৱানন্দ বাবাৰ শাৰীৰিক সুস্থতা আছিল চমকপ্রদ৷ ২০১৯ চনত কলকাতাৰ দুখন হাস্পতালে স্বামী শিৱানন্দ বাবাৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁক সম্পূর্ণ সুস্থ বুলি প্রমাণ–পত্র দিছিল৷ দেশ–বিদেশত বহু অনুগামী আছে শিৱানন্দ বাবাৰ৷ অনুৰাগীসকলৰ অন্তিম দর্শনৰ বাবে কালি বেনাৰসৰ কবিৰ নগৰৰ নিজৰ আশ্রমত স্বামী শিৱানন্দ বাবাৰ মৃতদেহ ৰখা হয়৷ উল্লেখনীয় যে স্বামী শিৱানন্দই শৈশৱত এলগিন ৰোডত নেতাজী সুভাষ চন্দ্র বসুৰ সৈতেও সময় অতিবাহিত কৰিছিল৷ বিভিন্ন সময়ত শিৱানন্দই কৈছিল যে নেতাজী জীয়াই আছে৷ পৰিমিত আহাৰ, নিয়মিত যোগ, ব্যায়াম আৰু নির্লোভ জীৱন–যাপন আছিল শতায়ু অতিক্রম কৰা সন্ন্যাসীৰ সুস্থ সবল হৈ থকাৰ মূলমন্ত্র৷ ২০২২ চনত পদ্মশ্রী সন্মান লাভ কৰাৰ সময়ত ৰাষ্ট্রপতি ভৱনত তেওঁ সাস্তাংগে প্রণাম কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ সকলোৰে মাজত তেওঁ শিৱক দর্শন কৰে বুলি বিভিন্ন সময়ত মন্তব্যও কৰিছিল৷