নিয়মীয়া বাৰ্তা, ১৯ মে’: মহামাৰী ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ বাবেই অনলাইন খাদ্য যোগানকাৰী কোম্পানী ছুইগীয়ে ১৪ শতাংশ কর্মচাৰীক চাটাই কৰিব বুলি ঘোষণা কৰিছে৷ লকডাউনৰ বাবে ব্যৱসায়ত বিস্তৰ প্রভাৱ পৰা কোম্পানীটোৱে কর্মশক্তি হ্রাস কৰাৰ পৰিকল্পনাৰে ১৪ শতাংশ কর্মীক চাটাই কৰিব৷ পৰৱর্তী দুই–এদিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে ১১ শতকৈ অধিক কর্মচাৰীক চাকৰিৰ পৰা আঁতৰাব৷ ছুইগীৰ সহঃ প্রতিষ্ঠাতা তথা চি ই অ’ শ্রীহর্ষ মাজেটিয়ে কোম্পানীৰ ব্লগত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে৷
বাংগালুৰুত মুখ্য কার্যালয় থকা ছুইগীৰ খাদ্য যোগানকাৰী কোম্পানীটোৱে বিগত সময়ছোৱাত দেশৰ প্রান্তে প্রান্তে বাণিজ্যিক দিশত লাভান্বিত হৈ আহিছিল যদিও ক’ৰোনা ভাইৰাছৰ বাবে লকডাউনে কোম্পানীটোৰ উপার্জনত ব্যাপক প্রভাৱ পেলায়৷ ইয়াৰ বাবে বিগত তিনি মাহ ধৰি কর্মচাৰীক দৰমহা আদায়ত জটিলতাৰ সৃষ্টি হৈছে৷ এনে সন্ধিক্ষণত পৰি কর্মশক্তি হ্রাস কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয়৷
অৱশ্যে ছুইগীৰ চি ই অ’জনে চাটাই কৰা কর্মচাৰীসকলক বিত্তীয় সহায় কৰাৰ লগতে পৰৱর্তী সময়ত কেৰিয়াৰ সম্পর্কীয় সমর্থন আগবঢ়াব বুলি লগতে উল্লেখ কৰিছে৷ আনপিনে আন এক খাদ্য যোগানকাৰী কোম্পানী জ’মাটোৱেও নিজৰ কর্মচাৰী হ্রাস কৰাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে৷ কোম্পানীটোৱে মুঠ কর্মশক্তিৰ ১৩ শতাংশ কর্মচাৰীক চাটাই কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে তৃতীয় পর্যায়ৰ লকডাউনত অনলাইন খাদ্য যোগানকাৰী কোম্পানীসমূহক খাদ্য যোগানৰ ক্ষেত্রত চৰকাৰে ৰেহাই দিলেও দিল্লীত অনলাইন খাদ্য যোগানকাৰী যুৱক এজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত গ্রাহকৰ মাজত শংকাৰ সৃষ্টি হোৱাত ব্যৱসায়ত জটিলতাৰ সৃষ্টি হৈছিল৷