নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত নাৰীৰ শিক্ষা বন্ধ, কিন্তু শিক্ষা গ্ৰহণ কৰি আছে তালিবান নেতাৰ জীয়ৰীয়ে

বিশেষ বাৰ্তা, ১৩ মেঃ আফগানিস্তানত ছোৱালীয়ে শিক্ষা গ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তালিবানৰ মুখপাত্ৰ চুহাইল শ্বাহীনে স্বীকাৰ কৰিছে যে তেওঁৰ কন্যাই স্কুললৈ যায়। টেলিভিছন উপস্থাপক পিয়াৰ্ছ মৰ্গানৰ ট’ক টিভিৰ নতুন অনুষ্ঠানত তেওঁ এই কথা স্বীকাৰ কৰে। পিয়াৰ্ছ মৰ্গান আনচেঞ্চৰেডে টুইটাৰত শ্ব’টোৰ এটা ক্লিপ প্ৰকাশ কৰিছে। মৰ্গানে তালিবানৰ মুখপাত্ৰক সুধিছিল যে তেওঁৰ কন্যাক শিক্ষা গ্ৰহণৰ অনুমতি দিয়া হৈছে নেকি। শ্বাহীনে কয়- অৱশ্যেই হয়। তেওঁলোকে হিজাব পালন কৰি আছে। । তাৰ পিছত মৰ্গানে কয় যে- আপোনাৰ ছোৱালীয়ে শিক্ষা লাভ কৰে কাৰণ তেওঁলোকে আপুনি যি কয় তাকে কৰে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ক্লিপটোত ক্ষিপ্ৰ সঁহাৰি জনাই চুহাইল শ্বাহীনৰ ভণ্ডামিক সমালোচনা কৰে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয়, “এই মানুহজনৰ ছোৱালীয়ে হিজাব পালন কৰি শিক্ষা গ্ৰহণ কৰে। এই মানুহজনৰ এগৰাকী ছোৱালীয়ে কাটাৰৰ ফুটবল দলত খেলে। এই মানুহজনৰ এগৰাকী ছোৱালীৰ কাটাৰী বয়ফ্ৰেণ্ড আছে। আফগান ছোৱালীয়ে হিজাব পালন কৰে যদিও ষষ্ঠ শ্ৰেণীৰ পাছত শিক্ষাৰ পৰা বঞ্চিত হয় আৰু তেওঁলোকে খেলা-ধূলা কৰিব নোৱাৰে।” আন এজনে আৰু ক’লে, “ভণ্ড! তালিবানে নিজৰ সন্তানক স্কুললৈ যাবলৈ অনুমতি দিয়ে আৰু আনৰ বাবে শিক্ষা নিষিদ্ধ কৰে।”

You might also like