নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা গুৱাহাটীত ২৪ ঘণ্টা বন্ধ পেট্র’ল পাম্প

নিয়মীয়া বাৰ্তা, ১৩ মেঃ আজিৰে পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব গুৱাহাটীৰ পেট্র’ল পাম্পসমূহ৷ এই বন্ধ ঘোষণা কৰিছে নর্থ–ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ডীলার্ছ এছ’চিয়েচনৰ গ্রেটাৰ গুৱাহাটী ইউনিটে৷ আজি পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ গুৱাহাটীৰ পেট্র’ল পাম্পসমূহ বন্ধ থাকিব৷

এক প্রেছ বিজ্ঞপ্তিত এছ’চিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয় যে বিগত ৩–৪ বছৰ ধৰি অইল কোম্পানীসমূহে পৰিবহণকাৰী সন্থা আৰু মজদুৰ ইউনিয়নৰ লগত গোপন বুজাবুজি কৰি বে–আইনীভাৱে ব্যৱসায় চলাই আহিছে৷ পেট্র’ল পাম্পসমূহৰ স্বত্বাধিকাৰীয়ে তেল কোম্পানীসমূহক প্রদান কৰা ধনৰ বিপৰীতে কোম্পানীসমূহে কমকৈ তেল ডীলাৰসমূহক যোগান ধৰি আহিছে৷ বিগত কেইবাবছৰ ধৰি এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে৷ এছ’চিয়েচনৰ অভিযোগৰ ভিত্তিত এই সমস্যা সমাধানৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত, তেল কোম্পানী আৰু এছ’চিয়েচনৰ সৈতে আলোচনা হৈছিল যদিও আজি পর্যন্ত সমস্যাটো সমাধান নহ’ল৷ সেয়েহে নর্থ–ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ডীলার্ছ এছ’চিয়েচনে আজিৰ পৰা ২৪ ঘণ্টাৰ বাবে পেট্র’ল পাম্পসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷ যদিহে ১৫ মে’ৰ ভিতৰত তেল কোম্পানীসমূহে এছ’চিয়েচনৰ দাবী মানি নলয়, তেন্তে ১৬ মে’ৰ পৰা অনির্দিষ্ট কালৰ বাবে পেট্র’ল পাম্পসমূহ বন্ধ ৰখাৰ হুংকাৰ দিয়ে সভাপতি ৰাজীৱ গোস্বামীয়ে৷

You might also like