নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ লাখ কর্মসংস্থান সৃষ্টি কৰিব ‘টাটা’ই

🔹 পাঁচ বছৰত উৎপাদন ক্ষেত্রত নতুন নিয়োগৰ পৰিকল্পনা

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : আগন্তুক পাঁচ বছৰৰ ভিতৰত দেশজুৰি উৎপাদন ক্ষেত্রত টাটা গোষ্ঠীয়ে সৃষ্টি কৰিব মুঠ ৫ লাখ কর্মসংস্থান৷ শেহতীয়াকৈ ‘টাটা ছন্স’ৰ অধ্যক্ষ এন চন্দ্রশেখৰণে নৱবর্ষ উপলক্ষে টাটা গোষ্ঠীৰ কর্মীসকললৈ দিয়া বার্তাত এই কথা উল্লেখ কৰিছে৷ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি, টাটা গোষ্ঠীয়ে আগন্তুক পাঁচ বছৰত ৫ লাখ কর্মসংস্থান সৃষ্টিৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে৷ টাটা গোষ্ঠীত বিভিন্ন কাৰখানা আৰু প্রকল্পৰ উৎপাদন ক্ষেত্রত এই কর্মসংস্থান সৃষ্টি হ’ব৷ লক্ষণীয়ভাৱে বেটাৰী, ছেমি কণ্ডাক্টৰ, বৈদ্যুতিক বাহন, সৌৰ প্রযুক্তি আৰু অন্য ক্রিটিকেল হার্ডৱেৰৰ ক্ষেত্রত এই কর্মসংস্থানবোৰ সৃষ্টি কৰাৰ পৰিকল্পনা আছে বুলি চন্দ্রশেখৰণে বার্তাটোত উল্লেখ কৰিছে৷ স্মর্তব্য যে ইতিমধ্যে টাটাৰ তৰফৰ পৰা বিভিন্ন স্থানত নতুন উৎপাদন কাৰখানা স্থাপন কৰা হৈছে৷ গুজৰাটৰ লগতে অসমতো টাটাই গঢ়ি তুলিছে ছেমি কণ্ডাক্টৰ কাৰখানা৷

You might also like