🔹 চৰকাৰী প্রাথমিক স্কুলত ভয়ংকৰ ঘটনা
নিউজ ডেস্ক, ২০ এপ্রিল : শিক্ষানুষ্ঠান হৈছে শিশুসকলৰ বাবে দ্বিতীয় বাসগৃহ৷ শিক্ষাদানৰ লগতে জীৱনৰ পাঠ দিয়ে শিক্ষক–শিক্ষয়িত্রীয়ে৷ কিন্তু মধ্যপ্রদেশৰ বিদ্যালয়ত অভাৱনীয় কাণ্ড ঘটিছে৷ শিক্ষার্থীৰ সন্মুখত সুৰাৰ মজলিছত মচগুল হোৱা দেখিবলৈ পোৱা গ’ল শিক্ষকক৷ শিশু শিক্ষার্থীক পানী ঢালি সুৰাপান কৰাৰ পৰামর্শ দিছে এজন শিক্ষকে৷ এই খবৰ পোহৰলৈ অহাৰ লগে লগে নিলম্বন কৰা হৈছে অভিযুক্ত শিক্ষকগৰাকীক৷ ছ’চিয়েল মিডিয়াত শিক্ষকগৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে নিন্দাপাতৰ জোৱাৰ৷ কাটনি জিলাৰ খিৰহানি গাঁৱৰ এখন চৰকাৰী প্রাথমিক স্কুলত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত৷