নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্ৰহেৰে ৰৈ আছিল দিনটোলৈ, কিন্তু ৰুছবাহিনী আহিল, বোমা বিস্ফোৰণত ধ্বংসপ্ৰাপ্ত স্কুলৰ সমুখতে ছাত্ৰীৰ প’জ

বিশেষ বাৰ্তা, ৯ জুনঃ পাশ্চাত্য বিশ্বত এগৰাকী শিক্ষাৰ্থীৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হ’ল প্ৰ’ম। ইউক্ৰেইনৰ এগৰাকী ছাত্ৰীয়ে এই উপলক্ষে এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে। বল গাউন পিন্ধা কিশোৰীগৰাকীৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত তেওঁক নিজৰেই ধ্বংসপ্ৰাপ্ত স্কুলখনৰ সন্মুখত প’জ দিয়া দেখা গৈছে। যুদ্ধই প্ৰায় দৈনিক বোমাবৰ্ষণ কঢ়িয়াইছে। ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছৰ মুৰব্বী অলেক্সান্দ্ৰা মাটভিচুকে টুইটাৰত এই পোষ্টটো শ্বেয়াৰ কৰিছে। তেওঁ অ’এছচিই ২০১৬ৰ ডেম’ক্ৰেচি ডিফেণ্ডাৰ বঁটা লাভ কৰিছে। পোষ্টটোত লিখা আছে- “আন্না এপিশ্বেভা: মোৰ ভতিজীয়ে এই বছৰ হাইস্কুলৰ পৰা স্নাতক হোৱাৰ কথা আছিল। তাই আৰু তাইৰ বন্ধু-বান্ধৱীয়ে প্ৰ’মৰ বাবে ড্ৰেছ কিনিছিল আৰু আজিৰ দিনটোৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। কিন্তু তেনেতে ৰাছিয়ানসকল আহিল। তাইৰ স্কুলখন ধ্বংস হ’ল।” টুইটাৰত ইতিমধ্যে এই পোষ্টটোৱে ৪২ হাজাৰৰো অধিক লাইক লাভ কৰিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে কমেণ্ট ছেকচনত মন্তব্য কৰিছে।

You might also like