🔹 আৰজেডি নেতাৰ বিৰুদ্ধে বিজেপিৰ চাঞ্চল্যকৰ অভিযোগ
নিউজ ডেস্ক, ৮ অক্টোবৰ : প্রাক্তন বনাম বর্তমানৰ উপ–মুখ্যমন্ত্রী ! বিহাৰৰ বর্তমান উপ–মুখ্যমন্ত্রী সম্রাট চৌধুৰী৷ সম্রাটৰ ব্যক্তিগত সহায়ক শত্রুধন কুমাৰে দাবী কৰিছে যে বাংলো খালী কৰাৰ সময়ত বিভিন্ন চৰকাৰী সম্পত্তি চুৰি কৰিছে প্রাক্তন উপ–মুখ্যমন্ত্রী তেজস্বী যাদৱে৷ উপ–মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনৰ পৰা নোহোৱা হৈছে ছোফা, শীত–তাপ নিয়ন্ত্রণ যন্ত্র (এ চি), ফুলৰ গছৰ টাব ইত্যাদি৷ কেইমাহমান পূর্বে বিহাৰত উপ–মুখ্যমন্ত্রীৰ বাংলোত আছিল তেজস্বী যাদৱ৷ শেহতীয়াকৈ সেই বাংলোটো বর্তমান ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী সম্রাট চৌধুৰীৰ নামত আবণ্টন দিয়া হৈছে৷ বাংলোটো পৰিদর্শন কৰিবলৈ গৈছিল শত্রুধন কুমাৰে৷ তেতিয়াই এই চাঞ্চল্যকৰ অভিযোগ কৰে কুমাৰে৷ কুমাৰৰ মতে, প্রাক্তন উপ–মুখ্যমন্ত্রী তেজস্বী যাদৱে বাংলোৰ বহু সামগ্রী চুৰি কৰি নিছে৷ শত্রুধনে দাবী কৰা অনুসৰি, উপ–মুখ্যমন্ত্রীৰ ব্যৱহৃত টাবো বাংলোৰ পৰা চুৰি কৰিছে তেজস্বী যাদৱে৷ এনে অভিযোগক কেন্দ্র কৰি হিন্দী বলয়ৰ ৰাজ্যখনত আৰম্ভ হৈছে উত্তপ্ত পৰিস্থিতি৷ লক্ষণীয়ভাৱে আৰজেডিয়ে এনে অভিযোগৰ পাছত বিজেপিৰ এয়া সস্তীয়া ৰাজনীতি বুলি মন্তব্য আগবঢ়াইছে৷ অৱশ্যে তেজস্বী যাদৱে ব্যক্তিগতভাৱে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷