আমেৰিকাৰ পানীত মগজু ভক্ষণ কৰা এমিবা, ৮খন চহৰত হাইএলাৰ্ট
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আমেৰিকাৰ ওচৰত আহি ধৰা দিছেহি আন এক বিপদ। আমেৰিকাৰ টেক্সাছ প্ৰদেশত সম্ভেদ পোৱা গৈছে মগজু ভক্ষণ কৰা এমিবাৰ। এনে এমিবাৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ পিছত দেশখনৰ ৮খন চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। টেক্সাচৰ জেকচন চহৰত ইমাৰজেন্সী পৰ্যন্ত ঘোষণা কৰা হৈছে।
Naegleria fowleri নামৰ পানীত থকা এবিধ একোকোষী প্ৰাণী এমিবাৰ বাবে যোৱা ৮ ছেপ্টেম্বৰত এটি ৬ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে যোৱা ১৬ আগষ্টতো ফ্ল’ৰিডাত ১৩ বছৰীয়া কিশোৰ এজনে এই এমিবাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।
Naegleria fowleri এনে এবিধ এমিবা, যি নাকেৰে মানৱ দেহত প্ৰৱেশ কৰিলে ৯০ শতাংশলৈ প্ৰাণ নাশৰ আশংকা থাকে। সম্প্ৰতি ঘটা দুয়োটা ঘটনা ঘৰলৈ যোগান ধৰা পানীৰ পৰা হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে এই এমিবাবিধ প্ৰদূষিত ছুইমিং পুল, মাটি, উষ্ণ জলাশয়, নদী, নিজৰা আদিতো পোৱা যায়। উল্লেখ্য আমেৰিকাত ২০০৯ৰ পৰা ২০১৮লৈ ৩৪টা এনে ঘটনা ঘটা বুলি জানিব পৰা হৈছে। চি এন এনৰ প্ৰতিবেদন অনুসৰি সম্প্ৰতি ৮খন চহৰৰ পানীৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে।