নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ ‘খাৰুপেটীয়া’ হোৱাৰ সম্ভাৱনা ‘পুৰণি গোহাঁই গাঁও’, প্ৰাক্তন ছাত্রনেতাৰ কৃষিকৰ্ম

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ লুইতৰ পাৰতেই পুৰণি গোহাঁই গাঁও,একালৰ ভোগালী শস্য শ্যামলা এখন গাঁও। যোৰহাট নগৰৰ পৰা ৬ কিলোমিটাৰ নিলগত সেউজী ধৰণী ধুনীয়াৰ যেন প্ৰতীকী ছবি এই গাঁওখন। বৃহত্তৰ অঞ্চলটো ‘গোহাঁই গাঁও’ নামে খ্যাত।

এইঅঞ্চলটোতে এজন উচ্চশিক্ষিত যুৱকে বাট দেখুৱাইছে খেতিৰে। যোৰহাটৰ চেন্ট্ৰেল কলেজত অধ্যনয়ৰত থকা সময়তে একেৰাহে ৯৬-৯৯লৈকে তিনিটাকৈ কাৰ্যকালৰ বাবে মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত আছিল যুৱকজন।কলেজত থাকোঁতে কবিতা চৰ্চা, লেখা-মেলাৰে মনৰ ভাব প্ৰকাশ কৰিছিল,নাম প্ৰণৱীৰঞ্জন শইকীয়া।

পাছলৈ অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজন কৰ্মৰ তাগিদাত যোৰহাটৰ গঢ়মূৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপতে এক ব্যৱসায় আৰম্ভ কৰে। ‘আছু’ৰ গঢ়মূৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিস্থাপক উপদেষ্টাৰ বিষয়বাবতো থকা প্ৰণৱীৰঞ্জন শইকীয়াই সময়ৰ তাগিদাত জয় জোৱান জয় কিষাণ আদৰ্শৰে অনুপ্ৰাণিত হৈ পুনৰ খেতিলৈ বহল মন মেলে।

ল’ৰালিৰে পৰা গাঁৱতে পিতৃ-মাতৃৰ সৈতে খেতিৰ এক সেউজীয়া পৰিৱেশৰ মাজত জীৱন কটাই ভাল পোৱা প্ৰণৱীৰঞ্জনে পুনৰ খেতি কৰিবলৈকে নগৰ এৰি নিজ গাঁও অভিমুখে উভতে ২০১৩ বৰ্ষত। লাগনি পাচলি তথা ৰবিশস্যৰ খেতিৰে আৰম্ভণি কৰে তেওঁ।

এইক্ষেত্ৰত উৎসাহ প্ৰদানেৰে সহযোগ কৰে মাতৃ তথা সমাজৰ আগৰণুৱা মহিলা ৰীণা কুমাৰী শইকীয়া আৰু বিশেষকৈ জ্যেষ্ঠ ভগ্নী পিংকু মণি শইকীয়াই। লাউ, কোমাৰা, ধুন্দুলি,তৰৈ,ডানবডী আৰু জেং-তিয়ঁহ আদি পাচলিৰ খেতি কৰি লাভৱান হৈছিল উদ্যমী খেতিয়কজন। ৰবিশস্যৰ এক বিশাল পৰিমাণৰ অংশ উক্ত অঞ্চলত উৎপাদনৰ লগতেই অসমৰ ভিন্ন জিলালৈ চাহিদা অনুসৰি যোগান ধৰে। এইক্ষেত্ৰত বিশেষকৈ নাগালেণ্ড আৰু মণিপুৰৰ কথা উল্লেখনীয়। তদুপৰি ৰঙালাউৰ খেতি কৰি যোৱাবাৰ লক্ষাধিক টকা উপাৰ্জন কৰে।

কৃষিকৰ্মত প্ৰণৱীৰঞ্জন নিজে নিয়োজিত হোৱাৰ উপৰি আন বহুতকে উৎসাহিত কৰি তেওঁলোকৰ উপাৰ্জনৰ পথপ্ৰদৰ্শক হৈছে। নামনি, মধ্য অসম আৰু উজনিবাসীৰ বাবে যেনেকৈ ‘খাৰুপেটীয়া’বজাৰ অপৰিহাৰ্য ঠিক তেনেদৰে অসমৰ যোৰহাটস্থিত পুৰণি গোহাঁই গাঁও উজনি অসমৰ জিলাকেইখনৰ তথা অসমৰ বাবে আশাৰ বাটকটীয়াৰ হোৱাৰ লগতেই অনাগত দিনত এক বৃহৎ বজাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও ব্যক্ত কৰে খেতিয়কজনে।

You might also like