নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পীডব্রেকাৰত এম্বুলেঞ্চৰ জোকাৰণিত জীৱিত হৈ উঠিল ‘মৃত’ ব্যক্তি

🔹 চাঞ্চল্যকৰ ঘটনা : পুনৰ চিকিৎসাত সম্পূর্ণ সুস্থ

নিউজ ডেস্ক, ৪ জানুৱাৰী : কেতিয়াবা পথৰ স্পীডব্রেকাৰ গাড়ীচালকৰ বাবে হৈ পৰে যন্ত্রণাদায়ক৷ বিভিন্নজনে এই স্পীডব্রেকাৰক মৰণফান্দ বুলি গণ্য কৰে৷ কিন্তু এই স্পীডব্রেকাৰেই এগৰাকী মৃত ব্যক্তিক জীৱিত কৰি তুলিলে মহাৰাষ্ট্রৰ কোলাপুৰত! ‘মৃত’ ব্যক্তি হঠাৎ জীৱিত হৈ উঠিল স্পীডব্রেকাৰত সৃষ্টি হোৱা জোকাৰণিৰ বাবে৷ লগে লগে এই ব্যক্তিগৰাকীক হাস্পতাললৈ লৈ যোৱা হ’ল৷ কেইদিনমান চিকিৎসা পোৱাৰ পিছত সম্পূর্ণ সুস্থ হৈ পদব্রজে ঘৰলৈও উভতিল ব্যক্তিগৰাকী৷ এনে কার্যক লৈ অঞ্চলটোৰ বাসিন্দাসকল হতবাক হৈছে৷ যোৱা ১৬ ডিচেম্বৰত হূদৰোগত আক্রান্ত হৈছিল ৬৫ বছৰীয়া পাণ্ডুৰং উলুপে৷ বেচৰকাৰী হাস্পতাল এখনত উলুপেক চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ এম্বুলেঞ্চত মৃতদেহ লৈ ওভতাৰ সময়ত স্পীডব্রেকাৰত সৃষ্টি হোৱা গাড়ীৰ জোকাৰণিত জাগি উঠে ‘মৃত’ উলুপে৷

You might also like