নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰী পৰোৱানাত চোৰৰ পৰিৱর্তে বিচাৰকৰ নাম

🔹 কর্তব্যত গাফিলতি কৰি নিলম্বিত থানাৰ উপ–পৰিদর্শক

নিউজ ডেস্ক, ১৭ এপ্রিল : চোৰ নহয়, বিচাৰকৰ বিৰুদ্ধে জাৰি হ’ল গ্রেপ্তাৰী পৰোৱানা৷ চুৰিৰ অভিযোগত জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ল আদালতৰ বিচাৰকৰ বিৰুদ্ধে৷ চোৰ ধৰিব নোৱাৰা বাবে চাকৰিৰ পৰা নিলম্বিত হ’ল আৰক্ষী থানাৰ উপ–পৰিদর্শক৷ এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে চাঞ্চল্য৷ আৰম্ভ হৈছে বিচাৰ বিভাগীয় তদন্তও৷ কিছুদিন পূর্বে উত্তৰ প্রদেশৰ ফিৰোজাবাদৰ এখন আদালতত চুৰিত অভিযুক্ত আচামীৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰিৰ নির্দেশ দিয়ে আদালতে৷ সেই অনুসৰি কাম কৰে স্থানীয় আৰক্ষী থানাই৷ দায়িত্বপ্রাপ্ত উপ–পৰিদর্শকে নিজৰ কাম আৰম্ভ কৰে৷ কিন্তু তাতেই সৃষ্টি হয় বিপত্তি৷ চোৰৰ নামৰ স্থানত গ্রেপ্তাৰী পৰোৱানাত নাম ছপা হয় আচামীক গ্রেপ্তাৰৰ নির্দেশ দিয়া বিচাৰকগৰাকীৰ৷ বিষয়টো নজৰলৈ অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তদন্তত নামে উচ্চপদস্থ বিষয়াসকল৷ নিলম্বন কৰা হয় দায়িত্বপ্রাপ্ত উপ–পৰিদর্শকগৰাকীক৷ ভুলবশতঃ চোৰৰ নাম লিখাৰ পৰিৱর্তে উপ–পৰিদর্শকগৰাকীয়ে গ্রেপ্তাৰী পৰোৱানাত বিচাৰকৰ নাম লিখিছিল৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র চহৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰিছে যে এয়া অতি গুৰুতৰ ভুল৷ এই ভুলৰ ক্ষমা নাই৷ গতিকে তাৎক্ষণিকভাৱে উপ–পৰিদর্শকগৰাকীক নিলম্বন কৰা হৈছে৷ অকল সেয়াই নহয়, উপ–পৰিদর্শকগৰাকীৰ এনে গাফিলতি সন্দর্ভত তদন্তও আৰম্ভ কৰিছে জ্যেষ্ঠ আৰক্ষী বিষয়াই৷ সকলো দিশ পৰীক্ষা কৰি চাইছে তদন্তকাৰী বিষয়াই৷ যিগৰাকী বিচাৰকৰ নাম ভুল কৰি গ্রেপ্তাৰী পৰোৱানাত ছপা কৰা হৈছে, তেওঁ তাৎক্ষণিকভাৱে এই ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিচাৰকগৰাকীয়ে এয়া অতি মাৰাত্মক ভুল আৰু নিন্দনীয় বুলি অভিহিত কৰিছে৷ লক্ষণীয়ভাৱে চোৰক কিন্তু কৰায়ত্ত কৰিব নোৱাৰিলে আৰক্ষী থানাই৷ গতিকে উপ–পৰিদর্শকগৰাকীক নিলম্বনৰ গত্যন্তৰ নাছিল বুলি শীর্ষ বিষয়াসকলে স্পষ্ট কৰি দিছে৷

You might also like